ধুবুৰীত তীৰৰ জুৱাৰ ব্যাপক প্ৰচলন
ধুবুৰী,৩১মে’:
ধুবুৰীকে ধৰি জিলাখনৰ প্ৰান্তে প্ৰান্তে তীৰ নামৰ এবিধ জুৱাৰ ব্যাপক প্ৰচলন আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। তাৰেই পৰিপ্ৰেক্ষিতত, ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰথমটো কাৰ্যকালৰ অনুৰূপে পুনৰ এবাৰ তীৰ নামৰ জুৱাবিধ সমূলে উৎখাত কৰিবলৈ নিৰ্দেশ দিয়াটো কামনা কৰিছে ধুবুৰীৰ বহু লোকে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছত ২০২২ বৰ্ষৰ ৯ জানুৱাৰীৰ নিশা সমগ্ৰ ৰাজ্যৰ ল’গতে ধুবুৰীতো চলিছিল আৰক্ষীৰ তীৰ বিৰোধী এক অভিযান। সেই অভিযানত ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনৰ পৰা তীৰৰ জুৱাৰ সৈতে জড়িত ২২ গৰাকীকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আৰক্ষীৰ সেই অভিযানৰ পিছত ধুবুৰীত কেইবামাহলৈ তীৰৰ জুৱা সম্পূৰ্ণৰূপে বন্ধ আছিল। কিন্ত সময় বাগৰাৰৰ ল’গে ল’গে ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত পুনৰ আৰম্ভ হোৱা তীৰ নামৰ জুৱাবিধৰ বৰ্তমানে ব্যাপক ৰূপে প্ৰচলন ঘটা বুলিয়েই কিন্তু চৰ্চিত হ’বলৈ লোৱা পোৱা গৈছে। উল্লেখ্য যে, ৮০ৰ দশকৰ পৰা ধুবুৰীত আৰম্ভ হোৱা এই বিধ জুৱা পিছলৈ গৈ জিলাখনৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰিছিল। প্ৰথমাৱস্থাত গুৱাহাটীৰ খানাপাৰাৰ সমীপৰ মেঘালয়ৰ এটা অঞ্চলৰ পৰা নিয়ন্ত্ৰিত হোৱা “খানাপাৰা তীৰ” বুলি জুৱাৰীসকলৰ মাজত পৰিচিত তীৰৰ জুৱাবিধৰ প্ৰচলন ঘটিছিল। পিছলৈ গৈ মেঘালয়ৰ পৰা নিয়ন্ত্ৰিত হোৱা ‘‘শ্বিলং তীৰ’’ নামৰ আন এবিধ তীৰৰ জুৱাও আৰম্ভ হৈছিল ধুবুৰীত। জানিব পৰা মতে, ২০২২ বৰ্ষত চলা
আৰক্ষীৰ অভিযানৰ পিছত ধুবুৰী চহৰত পূৰ্বৰ তীৰৰ মূল পৃষ্ঠপোষক কেইগৰাকীৰ অধিকাংশৰে বৰ্তমানে তীৰৰ জুৱাৰ সৈতে সম্পৰ্ক নাই। অৱশ্যে এক ভিতৰুৱা সূত্ৰই সদৰি কৰানুসৰি, দীৰ্ঘ বহু বছৰৰ পৰাই তীৰসহ বিভিন্ন ধৰণৰ জুৱাৰ এগৰাকী পৃষ্ঠপোষক তথা ব্যৱসায়ী এগৰাকীয়ে বৰ্তমানে চহৰখনৰ তীৰৰ জুৱাৰ মূল পাণ্ডাৰূপে উঠি অহাৰ সমান্তৰালকৈ নতুন নতুন কেইবাগৰাকী লোকো তীৰৰ জুৱাৰ স্থানীয় জগতখনৰ স্বয়ম্ভু মালিকৰূপে জড়িত হৈ পৰিছে। সূত্ৰটোৱে আৰু সদৰি কৰানুসৰি, চহৰখনৰ প্ৰতিটো ৱাৰ্ডতে তীৰৰ স্থানীয় সেই স্বয়ম্ভূ মালিকসকলৰ আছে অতি কমেও আছে ৫/৬ গৰাকী কৈ গৰাকীকৈ বুকি অৰ্থাৎ তীৰৰ টিকট বিক্ৰেতা। আনহাতে, খানাপাৰা আৰু শ্বিলং –এই দুবিধ তীৰৰ জুৱাৰে আছে দুটাকৈ ৰাউণ্ড। প্ৰথম ৰাউণ্ডৰ ফলাফল বিয়লি ৪টা মানত উপলব্ধ হোৱাৰ বিপৰীতে বিয়লি ৫টাৰ ওচৰে পাজৰে পোৱা যায় দ্বিতীয় ৰাউণ্ডৰ ফলাফল। তীৰৰ জুৱাৰীসকলে দুয়ো ৰাউণ্ডতেই ০ (শূণ্য) পৰা ৯৯ সংখ্যাৰ মাজৰ নিজৰ পছন্দ অনুসৰি সংখ্যাত ধন বিনিয়োগ কৰে। প্ৰতিটো ৰাউণ্ডতে ফলাফল ৰূপে অহা নম্বৰটো থাকিলে জুৱাৰী এজনে এটকাৰ বিনিময়ত লাভ কৰে ৭২ টকা। বুকী এজনে উকা কাগজৰ সৰু বহী এখনৰ পাতত তীৰৰ ৰাউণ্ড নম্বৰ,
প্ৰতিটো ৰাউণ্ডত পছন্দৰ সংখ্যা আৰু সেই সংখ্যাবোৰৰ বিপৰীতে বিনিয়োগ কৰা কৰা ধনৰ পৰিমাণ লিখি প্ৰদান কৰে জুৱাৰীক। হোৱাটচ আপ আৰু মোবাইল যোগেও বুকিসকলে দিয়ে জুৱাৰীয়ে বিচৰা তীৰৰ নম্বৰ। জুৱাৰীক তীৰৰ নম্বৰ বিক্ৰী কৰি সংগ্ৰহ কৰা ধন প্ৰতিদিন বিয়লিৰ ফালে নিজৰ নিজৰ মালিকৰ হাতত জমা দিব লাগে বুকী এজনে আৰু ইয়াৰ বিনিময়ত বুকী এজনে দৈনিক জুৱাৰীক বিক্ৰী কৰা ধনৰ ২০ শতাংশ ধন কমিচন হিচাবে লাভ কৰে। এইদৰে মাথো ১ টকাৰ বিনিময়ত ৭২ টকা পোৱাৰ আশাত বন্দী হৈ বহু লোকে তীৰৰ নামত দৈনিক খৰচ কৰে বহু টকা। তীৰেৰে ধন ঘটাৰ এক অলীক সপোনৰ পিছে পিছে দৌৰি একাংশ চৰকাৰী চাকৰিয়ালৰ উপৰিও দিন হাজিৰা কৰি কোনোমতে নিজৰ পৰিয়ালক পোহপাল দিয়া বহুলোকে নিজৰ কষ্টোপাৰ্জিত ধনৰ এটা বৃহৎ অংশ নষ্ট কৰি আছে তীৰৰ জুুৱাত। তাৰেই পৰিপ্ৰেক্ষিতত, ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত ছানি ধৰা তীৰ নামৰ এই জুৱাবিধ সম্পূর্ণভাবে হোৱাটো অন্তঃকৰণে কামনা কৰিছে বহুতেই আৰু প্ৰথমটো কাৰ্যকালৰ অনুৰূপে এইবাৰৰ দ্বিতীয়টো কাৰ্যকালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তীৰৰ সৈতে জড়িত সকল পক্ষক কৰায়ত্ত কৰাৰ বাবে দিয়া কঠোৰ নিৰ্দেশ দিয়াটো অন্তঃকৰণে কামনা কৰিছে বহুতেই।
Like this:
Like Loading...