ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী কলী আই থান পৰিচালনা সমিতিৰ প্ৰশংসনীয় পদক্ষেপ
অঞ্চলটোৰ বিশিষ্ট ব্যক্তি আৰু কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা
চাইন অন ডেস্ক,৩১মে’:
ধৰ্মীয় আৰু আধ্যাত্মিক চিন্তা-চৰ্চাৰ সমান্তৰালকৈ নৱ-প্ৰজন্মৰ শৈক্ষিক তথা সামাজিক উত্তৰণৰ লক্ষ্যৰে আজি ডিব্ৰুগড়ৰ আইথান প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। শ্ৰী শ্ৰী কলীয়া থান পৰিচালনা সমিতিৰ সৌজন্যত আয়োজিত এই বিশেষ কাৰ্যসূচীত অঞ্চলটোৰ সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলক এক উষ্ণ অভিনন্দন জ্ঞাপন কৰা হয়। ইয়াৰ উপৰি সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সমিতিৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয়।কেৱল আধ্যাত্মিক দিশতে আৱদ্ধ নাথাকি উঠি অহা নৱ-প্ৰজন্মক ভৱিষ্যতে এজন সুযোগ্য ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ আৰু সমাজৰ প্ৰতিটো দিশতে চিন্তা-চৰ্চা কৰিব পৰাকৈ উৎসাহিত কৰাৰ উদ্দেশ্যে সমীপতি অঞ্চলটোৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ মুঠ ৬৫ জন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়।পৰিচালনা সমিতিৰ সভাপতি ভীমকান্ত সন্দিকৈ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অঞ্চলটোৰ উন্নয়ন তথা ডিব্ৰুগড় জিলাখনক আগুৱাই নিয়াত বিশেষ অৰিহণা যোগোৱা তথা
থান পৰিচালনা সমিতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ থকা ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক শ্ৰী শ্ৰী কলী আই থান পৰিচালনা সমিতিৰ হৈ বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ উপৰি কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়া, বিশিষ্ট ব্যক্তি গুণীন দিহিঙ্গীয়া, জেষ্ঠ সমাজকৰ্মী অঞ্জন গগৈ আৰু থান পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি উপেন বৰুৱাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিক সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইঞ্জিনিয়াৰিং ছায়েন্স এণ্ড টেকন’লজীৰ কম্পিউটাৰ ছায়েন্স বিভাগৰ মুৰব্বীড° নমী বৰুৱা। বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে মনোহৰী দেৱী কানৈ মহাবিদ্যালয়ৰ অধ্যাপক
অনিৰুদ্ধ দত্ত, ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ৰাতুল বুঢ়াগোহাঁই, শিক্ষয়িত্ৰী মমী মহন্ত, পঞ্চায়তৰ সভানেত্ৰী দেৱজানী চুতীয়া, কাউন্সিলাৰ ঊষা গগৈ, সাংস্কৃতিক কৰ্মী ৰুবী গগৈ সন্দিকৈ, ভাৰতী দুৱৰা বৰুৱা, মিনাক্ষী দাস বৰুৱাকে প্ৰমোখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পৰিচালনা সমিতিৰ যুটীয়া সম্পাদক অঞ্জন চেতিয়াই আঁত ধৰা অনুষ্ঠানত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই থান পৰিচালনা সমিতিৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। এনে এক ভিতৰুৱা অঞ্চলত নৱ-প্ৰজন্মৰ বাবে এনে সুন্দৰ পৰিৱেশ গঢ়ি তোলা কাৰ্যই তেওঁলোকক এক নতুন পৃথিৱীৰ বাট দেখুৱাব বুলি তেওঁ আশা প্ৰকাশ কৰে। উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি অধ্যক্ষগৰাকীয়ে
কয়, নিজক জনাটোৱেই হ’ল জ্ঞানৰ এটা আৰম্ভণি। নিজক জানিবৰ আৰু বুজিবৰ কাৰণে সদায় চেষ্টা কৰিব লাগিব। যেতিয়াই এজন ব্যক্তিয়ে নিজক জানিবলৈ চেষ্টা কৰে, তেওঁ জীৱনত কেতিয়াও বিফল হ’ব নোৱাৰে আৰু সফলতাৰ পথেৰে আগুৱাই যাব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শক্তি, ক্ষমতা আৰু দক্ষতাক অনুভৱ কৰি ভৱিষ্যতে সমাজখন সুন্দৰকৈ গঢ়ি তুলিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।আইথান পৰিচালনা সমিতিৰ এই ব্যতিক্ৰমী পদক্ষেপক প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক প্ৰশান্ত ফুকনে শলাগ জ্ঞাপন কৰি আইথানৰ প্ৰতি জনসাধাৰণৰ থকা আস্থা আৰু বিশ্বাস দৈনিক বৃদ্ধি পোৱা লগতে ক্ৰমে ডিব্ৰুগড় পৰ্যটন ক্ষেত্ৰত এক অন্যতম হিচাপে চিহ্নিত।আইথানৰ উন্নয়নৰ বাবে সকলোৱে প্ৰচেষ্টা কৰাৰ লগতে
উঠি প্ৰজন্মক লৈ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰা এই পদক্ষেপ অতি যোগাত্মক বুলি কয়। তেওঁ লগতে ডিব্ৰুগড় ভিতৰত এখন শ্ৰেষ্ঠ পৰিচালনা সমিতি বুলি তেওঁ কয়। অনুষ্ঠানত পৰিচালনা সমিতিৰ উপসভাপতি ভুৱন দত্ত, অঞ্জন গগৈ, সদানন্দ গগৈ, সুনীল ৰায়, বিপ্লৱ গগৈ, কুশল শইকীয়াকে প্ৰমোখ্য কৰি পৰিচালনা সমিতিৰ সকলো সদস্য আৰু স্থানীয় ৰাইজ আদিউপস্থিত থাকে।
Like this:
Like Loading...