...

ডিব্ৰুগড়ত এলেন ইন্সটিটিউটত স্কলাৰশ্বিপ বাতিলক লৈ উত্তপ্ত পৰিস্থিতি

ডিব্ৰুগড়ত এলেন ইন্সটিটিউটত স্কলাৰশ্বিপ বাতিলক লৈ উত্তপ্ত পৰিস্থিতি

অতিৰিক্ত মাচুল দাবীৰ অভিযোগ অভিভাৱকৰ
BPL শিক্ষাৰ্থীক অগ্ৰাধিকাৰৰ সিদ্ধান্ত যুৱ আয়োগৰ

চাইন অন ডেস্ক, ২৯ছেপ্টেম্বৰ:

ডিব্ৰুগড়ত এলেন ইন্সটিটিউটত স্কলাৰশ্বিপ বাতিলক লৈ কালি নিশা এক উত্তপ্ত পৰিস্থিতিৰ স্বৃষ্টি হয়।যাৰ পৰিপ্ৰেক্ষিতত এক হুলস্থুল পৰিৱেশৰ লগতে অভিভাৱকসকলে প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ডিব্ৰুগড়স্থিত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি প্ৰতিষ্ঠান এলেন ইন্সটিটিউটত শিক্ষাৰ্থীৰ স্কলাৰশ্বিপ বাতিলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কালি নিশা। স্কলাৰশ্বিপৰ ভিত্তিত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ স্কলাৰশ্বিপ পৰৱৰ্তী সময়ত হ্ৰাস কৰা আৰু অতিৰিক্ত মাচুল দাবী কৰাৰ অভিযোগ তুলি একাংশ অভিভাৱকে ক্ষোভ প্ৰকাশ কৰি এলেনৰ কাৰ্যালয় ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।অভিভাৱকসকলৰ অভিযোগ অনুসৰি, এলেনৰ স্কলাৰশ্বিপ পৰীক্ষাত তেওঁলোকৰ সন্তানসকলে ৯৫ শতাংশ পৰ্যন্ত নম্বৰ লাভ কৰাৰ পাছত ৯০-৯৫ শতাংশ পৰ্যন্ত স্কলাৰশ্বিপৰ ভিত্তিত নামভৰ্তি কৰা হৈছিল। নামভৰ্তিৰ সময়তে নিৰ্ধাৰিত ‘ফুল এণ্ড ফাইনেল’ মাচুল পৰিশোধ কৰাৰ লগতে ২-৩ এপ্ৰিলৰ পৰাই শ্ৰেণী পাঠদান আৰম্ভ হৈছিল। কিন্তু পৰৱৰ্তী সময়ত স্কলাৰশ্বিপৰ ক্ষেত্ৰত নতুন সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেওঁলোকক অৱগত কৰা হয়।অভিভাৱকসকলৰ অভিযোগ, ১৩ মাৰ্চত জাৰি কৰা এখন জাননী বা মেম’ৰেণ্ডামৰ কথা দোহাই দি তেওঁলোকক বহুদিনৰ পাছত, ২৪ মে’তহে সিদ্ধান্তটোৰ বিষয়ে অৱগত কৰে এলেনে। স্কলাৰশ্বিপ হ্ৰাস কৰাৰ ফলত একাংশ শিক্ষাৰ্থীৰ পৰা ৮০ হাজাৰৰ পৰা ১ লাখ টকা পৰ্যন্ত অতিৰিক্ত মাচুল দাবী কৰা হৈছে বুলিও অভিভাৱকে এলেনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। নামভৰ্তিৰ সময়ত স্কলাৰশ্বিপৰ ভিত্তিত মাচুল নিৰ্ধাৰণ কৰি সম্পূৰ্ণ ধন পৰিশোধ কৰাৰ পাছত কিয় পৰৱৰ্তী সময়ত স্কলাৰশ্বিপৰ হাৰ সলনি কৰা হ’ল বুলি তীব্ৰ ক্ষোভ উজাৰে। এই সিদ্ধান্ত বাতিল নকৰিলে পৰৱৰ্তী সময়ত ৰাজপথলৈ ওলাই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়াৰ লগতে মুখ্যমন্ত্ৰীৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান আৰু প্ৰয়োজন সাপেক্ষে আইনী ব্যৱস্থা গ্ৰহণৰ কথাও অভিভাৱকসকলে প্ৰকাশ কৰে।ইপিনে, বিষয়টো সন্দৰ্ভত অসম ৰাজ্যিক যুৱ আয়োগৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা ভাষ্য অনুসৰি, ডিব্ৰুগড়, যোৰহাট আৰু তেজপুৰস্থিত এলেন প্ৰতিষ্ঠানত BPL শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক অধিক প্ৰাধান্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আয়োগৰ মতে, ৰেচন কাৰ্ড থকা প্ৰায় ৭৮ গৰাকী শিক্ষাৰ্থীক ১০০ শতাংশ স্কলাৰশ্বিপ প্ৰদান কৰা হৈছে।
আয়োগৰ ভাষ্য অনুসৰি, সামৰ্থ্য থকা APL শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত পূৰ্বে প্ৰদান কৰা ৯০-৯৫ শতাংশ স্কলাৰশ্বিপ সংশোধন কৰি ৬০ শতাংশ আৰু ৪০ শতাংশ কৰা হৈছে। নিৰ্বাচন আৰু চৰকাৰ সলনি হোৱাৰ বাবে এই সিদ্ধান্ত প্ৰকাশ কৰাত কিছু পলম হোৱা বুলিও আয়োগৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
আয়োগৰ কৰ্তৃপক্ষই লগতে কয় যে মাচুলৰ বিষয়টোক লৈ অভিভাৱকসকল ক্ষুব্ধ হোৱাটো স্বাভাৱিক। অৱশ্যে অতিৰিক্ত মাচুল পৰিশোধ নকৰিলেও কোনো শিক্ষাৰ্থীক হাৰাশাস্তি কৰা নহ’ব আৰু তেওঁলোকৰ পাঠদানত কোনো কাৰণতে ব্যাহত হ’বলৈ দিয়া নহ’ব বুলি আশ্বাস প্ৰদান কৰিছে।অভিভাৱকসকলৰ অভিযোগ আৰু আয়োগৰ এই স্পষ্টীকৰণৰ মাজতে এতিয়া স্কলাৰশ্বিপৰ নীতি আৰু নামভৰ্তিৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ বিষয়টো লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অভিভাৱক সকলৰ মাজত।

Leave a Reply

Your email address will not be published. Required fields are marked *