জকাই বামুণ বাৰীৰ বুঢ়ীদিহিঙ মথাউৰিৰ পৰা ছাগলীকটা গাঁৱলৈ সংযোগী পথৰ উন্নয়ন হবনে ?
চাইন অন ডেস্ক,২৯ছেপ্তেম্বৰ :
ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল সমষ্টিৰ অন্তৰ্গত মদাৰখাট মৌজাৰ জকাই বামুণ বাৰী গাঁৱৰ বুঢ়ীদিহিঙ মথাউৰিৰ পৰা নামি যোৱা ছাগলীকটা গাঁৱৰ সংযোগী পথটো যাতায়তৰ ক্ষেত্ৰত একেবাৰেই তথৈবচ অৱস্থালৈ
পৰ্যবসিত হৈ আহিছে ।উল্লেখযোগ্য যে পূৰ্বৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত উক্ত পথটো বৰ্তমান নৱগঠিত চাবুৱা-লাহোৱাল সমষ্টিৰ অন্তৰ্গত।স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে স্বাধীনতাৰ ৮০টা বছৰ অতিক্ৰম কৰাৰ সময়তো ডিব্ৰুগড় জিলাৰ পূব ৰাজহচক্ৰৰ মদাৰখাট মৌজাৰ বামুণ বাৰীৰ বুঢ়ীদিহিঙ মথাউৰিৰ পৰা ছাগলীকটা গাঁৱলৈ সংযোগী গ্ৰাম্য পথটোৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী ভাৱে কোনো ফলপ্ৰসু পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহল।অন্যহাতে বিগত কংগ্ৰেছ চৰকাৰৰ শাসন কাল অসম গণ পৰিষদ চৰকাৰৰ শাসন কাল আৰু বৰ্তমান বি জে পিৰ মিত্ৰজোঁটৰ চৰকাৰৰ শাসন কাল পৰ্যন্ত উল্লেখিত পথটোৰ উন্নয়নৰ ক্ষেত্ৰত জনপ্ৰতিনিধি সকলে অৱহেলাৰ চকুৰে চাই আহিছে বুলিও ক্ষোভ প্রকাশ কৰিছে ।উক্ত পথটোৰ দুৰৱস্থাৰ কাৰণে ভৰ-বাৰিষাৰ ছমাহ কাল পথেদি অহাযোৱা কৰাৰ ক্ষেত্ৰত জ্বালা-যান্ত্ৰনা ভূগিব লগা হৈ আহিছে।অসমৰ মুখ্যমন্ত্ৰীয়েই গাঁৱৰ কোনো পথেই কেচা হৈ নাথাকিব বুলি প্ৰকাশ কৰি আহিছে যদিও আজিকোপতি জকাই বামুণ বাৰীৰ গাঁৱৰ বুঢ়ীদিহিঙ মথাউৰিৰ পৰা ছাগলীকটা গাঁৱলৈ সংযোগী পথটোৰ উন্নয়নৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।