ডায়েলাইছিছ কেন্দ্ৰৰ বৈদ্যুতিক তাৰ চুৰি
ধুবুৰী আৰক্ষীৰ সফলতা-কৰায়ত্ত দুই চোৰ
ধুবুৰী,২৯ছেপ্টেম্বৰ:
ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাল (ডিএমচিএইচ)ৰ ডায়ালাইছিছ কেন্দ্ৰৰ বৈদ্যুতিক তাৰৰ চুৰিকাণ্ডত জড়িত দুটাকৈ চোৰক আৰক্ষীয়ে কৰায়ত্ত কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, যোৱাকালি পুৱা ডিএমচিএইচৰ ডায়ালাইছিছ কেন্দ্ৰটো খুলাৰ পিছত কেন্দ্ৰটোৰ বৈদ্যুতিক তাৰ চুৰি হোৱাৰ বিষয়টো পোহৰলৈ আহে। স্বাভাবিক ভাবেই বৈদ্যুতিক তাৰ চুৰি হোৱাৰ বাবে কেন্দ্ৰটোৰ বিদ্যুৎ যোগান বন্ধ পৰে। ফলত, ডায়ালাইছিছ কেন্দ্ৰটোলৈ অহা ৰোগী আৰু ৰোগীৰ আত্মীয়-স্বজনৰ মাজত অনিশ্চয়তাৰ সৃষ্টি হয়। অৱশ্যে, পিছলৈ গৈ ডিএমচিএইচ কৰ্তৃপক্ষই জেনেৰেটৰৰে কেন্দ্ৰটোৰ স্বাভাবিক কাম-কাজ আৰম্ভ কৰাৰ পিছত
স্বস্তিৰ নিশ্বাস পেলায় তেওঁলোক। ইপিনে, চুৰিকাণ্ডৰ বিষয়টো আৰক্ষীক অৱগত কৰোৱাৰ পিছত ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশীষ বৰাৰ তত্বাবধানত চুৰিকাণ্ডৰ সেই ঘটনাৰ তদন্ত আৰম্ভ কৰে ধুবুৰী আৰক্ষীৰ এটা দলে। মাথো কেই ঘন্টাৰ ভিতৰতেই তদন্ত সামৰি ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰ প্ৰথম খণ্ড অঞ্চলৰ পৰা চাজিদুল মণ্ডল ওৰফে বগা নামৰ দাগী চোৰ এটাক প্ৰথমে কৰায়ত্ত কৰে আৰক্ষীয়ে। জেৰাত বগাই দিয়া স্বীকাৰোক্তিৰ ভিত্তিত ঝগৰাৰপাৰ তৃতীয় খণ্ডত পৰা আৰু ৰাহুল হক নামৰ আন এজন চোৰক কৰায়ত্ত কৰাৰ সমান্তৰালকৈ ডিএমচিএইচৰ ডায়ালাইছিছ কেন্দ্ৰৰ পৰা চুৰি হোৱা তামৰ তাৰৰ উপৰিও চুৰি কৰাৰ সন্দেহত দুখনকৈ চাইকেলো উদ্ধাৰ কৰে আৰক্ষীয়ে। আনহাতে, বৰ্তমানলৈ আনুষ্ঠানিক ভাবে একো সদৰি নকৰিলেও দুই জনীয়া এই চোৰৰ দলটোৰ সৈতে অইন কোনো জড়িত হৈ থকাৰ বিষয়টো লৈ আৰক্ষীৰ অনুসন্ধান অব্যাহত থকা বুলি প্ৰকাশ। উল্লেখযোগ্য যে, ডিএমচিচিএইচৰ ডায়ালাইছিছ কেন্দ্ৰত সংঘটিত হোৱা চুৰিকাণ্ডৰ পিছত মহাবিদ্যালয়খনত নিয়োজিত নিৰাপত্তা ৰক্ষী একাংশৰ কৰ্ম স্পৃহা আৰু দক্ষতাকে লৈও প্ৰশ্ন উত্থাপিত কৰা পোৱা গৈছে বহুতেই।