ইঞ্জিনলৈ ইন্ধন যোগান বন্ধ হৈছিল!
আহমেদাবাদৰ শোকাৱহ বিমান দুৰ্ঘটনা
নতুন দিল্লী: কাৰ ভুলৰ বাবেই চিৰদিন নিয়তিৰ কোলাত আশ্ৰয় ললে ২৬০ গৰাকীৰ জীৱন! সপোনৰ দেউকা মেল নৌখাওতেই ধুলিস্যাত হল সমগ্ৰ! কোনে কৰিলে ? কিয় কৰিলে ? সকলোবোৰ সুস্পষ্ট নহলেও, এটা কথা স্পষ্ট যে বিমানখনৰ দুয়োটাই ইঞ্জিন বিকল হোৱাৰ বাবেই সমগ্ৰ বিশ্ব কঁপাই যোৱা
সেই ভয়াবহ ঘটনা সংঘটিত হৈছিল।
সমগ্ৰ বিশ্বক শোকস্তব্ধ কৰি তোলা আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰতিবেদন ৰাজহুৱা হৈছে ৷ এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰ'(AAIB)ই ইতিমধ্যে এই শোকাবহ দুৰ্ঘটনাটোৰ সামগ্ৰিক তদন্ত কৰি সেই তদন্ত প্ৰতিবেদন প্ৰকাশ কৰিছে ৷
উক্ত প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ১২জুনৰ দিনা এয়াৰ ইণ্ডিয়াৰ AI 171 বিমানখনে আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডন অভিমুখে টেকঅফ কৰাৰ কেইমুহূৰ্তমানৰ পিছতেই বিমানখনৰ দুয়োটা ইঞ্জিনলৈ ইন্ধন যোগান বন্ধ হৈ পৰিছিল ৷ মাত্ৰ এক ছেকেণ্ডৰ ব্যৱধানত ইঞ্জিন 1 আৰু ইঞ্জিন 2 দুয়োটাৰে ইন্ধন যোগানৰ ছুইচ RUN ৰ পৰিবৰ্তে TURNED OFF অৰ্থাৎ বন্ধ কৰা হৈছিল ৷
তদন্তৰ সময়ত এয়া স্পষ্ট হৈ পৰিছে ৷ আনহাতে ককপিটত থকা ভয়চ ৰেকৰ্ডাৰতো বিমানখনৰ পাইলট আৰু সহ-পাইলটৰ বাৰ্তালাপ বাণীবদ্ধ হৈছিল ৷ সেই বাৰ্তালাপত শুনা গৈছিল যে পাইলটে ইন্ধনৰ ছুইচ কিয় বন্ধ কৰিলে বুলি সহকাৰী পাইলটক প্ৰশ্ন কৰিছিল ৷ সহকাৰী পাইলটে লগে লগে উত্তৰ দিছিল যে তেওঁ ছুইচ বন্ধ কৰা নাই ৷ ইয়াৰ পিছতেই তাৎক্ষণিকভাৱে পাইলটে এয়াৰ ট্ৰেফিক কণ্ট্ৰললৈ “মে’ডে মে’ডে মে’ডে” বুলি আপদকালীন বাৰ্তা প্ৰেৰণ কৰিছিল ৷
লগে লগে এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ পৰা বিমানখনৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও কোনো সঁহাৰি এয়াৰ ট্ৰেফিক কণ্ট্ৰলে নাপালে ৷ ১৫ পৃষ্ঠাৰ তদন্ত প্ৰতিবেদনখনত আৰু কোৱা হৈছে যে বিমানখনত ২৩০ গৰাকী যাত্ৰী আৰু ১২ গৰাকী ক্ৰু মেম্বাৰ আছিল ৷ বিজিনেছ ক্লাছত যাত্ৰী আছিল ১৫ গৰাকী ৷ ইক’নমি ক্লাছত দুটি শিশুৰে সৈতে ২৬০ গৰাকী যাত্ৰী আছিল বুলি তদন্ত প্ৰতিবেদনত কোৱা হৈছে ৷
বিমানখনত উৰণৰ সময়ত ইন্ধন আছিল ৫৪,২০০ কিলোগ্ৰাম ৷ মুঠ ২,১৩,৪০১ কিলোগ্ৰাম ওজন লৈ বিমানখনে টেকঅফ কৰিছিল, যিটো আছিল সম্পূৰ্ণ নিয়মৰ অধীনত ৷ এইক্ষেত্ৰত কোনো অতিৰিক্ত ওজন বিমানখনত নাছিল বুলিও কোৱা হয় প্ৰতিবেদনখনত ৷