লাওখোৱাৰ ভূৰবন্ধাত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া
অস্তিত্বৰ সংকটত লাওখোৱা মৌজা
বিলীন হোৱাৰ আশংকা ঐতিহাসিক গংগা মন্দিৰ!
ৰূপহীহাট,১১আগষ্টঃ

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ ধাৰ বৃদ্ধি পোৱাৰ লগে লগে নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। চকুৰ সন্মুখতে একো একোটা বৃহৎ চপৰা খহি নদীৰ বুকুত 
কেৱল কৃষিভূমিয়েই নহয়, গৰাখহনীয়াৰ কৱলত পৰিছে লাওখোৱা মৌজাৰ অস্তিত্বও। বিশেষকৈ ঐতিহাসিক গংগা মন্দিৰটো গৰাখহনীয়াৰ অতি ওচৰলৈ আহি পৰাত মন্দিৰটোৰ ভৱিষ্যৎক লৈও উদ্বিগ্ন হৈ পৰিছে 
কৃষক তথা সাধাৰণ ৰাইজৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।ইফালে, বৰ্তমানৰ ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ আৰু সংশ্লিষ্ট বিভাগক জৰুৰীভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভূৰবন্ধাৰ ৰাইজে।বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি বিজ্ঞানসন্মতভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত লাওখোৱা মৌজাৰ বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশংকা ক্ৰমাৎ অধিক ঘনীভূত হৈছে।