চাইপ্ৰিনিড মাছৰ এটি নতুন প্ৰজাতি আৱিষ্কাৰ
চাইন অন ডেস্ক: ঐতিহাসিক ডিব্ৰুগড় মহানগৰৰ কাষৰে প্ৰবাহিত হোৱা
ব্ৰহ্মপুত্ৰ নদীত আৱিষ্কাৰ হৈছে এক নতুন মাছৰ প্ৰজাতি। এনেধৰণৰ সংবাদে কেৱল ডিব্ৰুগড়ৰ বাবেই নহয়, সমগ্ৰ দেশৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবেই এক বিৰল কৃতিত্ব। বৈজ্ঞানিকসকলৰ এটি যৌথ দলে ডিব্ৰুগড়ৰ মাইজানত ব্ৰহ্মপুত্ৰ নদীত চাইপ্ৰিনিড মাছৰ এটি নতুন প্ৰজাতি আৱিষ্কাৰ কৰিছে।যি, উত্তৰ-পূব ভাৰতৰ নদী প্ৰণালীৰ সমৃদ্ধ মৎস্য প্ৰাণীজগতৰ বৈচিত্ৰ্যত আৰু এটি প্ৰজাতি সংযোজনে আনন্দৰ জোৱাৰ তুলিছে।
জানিব পৰা মতে নৱ চিহ্নিত বা আবিস্কাৰ হোৱা
প্ৰজাতিটোৰ নাম “পেথিয়া ডিব্ৰুগড়েনসিছ” (Pethia dibrugarhensis) ৰখা হৈছে,ইয়াৰ প্ৰকাৰ স্থানৰ নাম অনুসৰি।এই আৱিষ্কাৰ সম্পন্ন হৈছে ICAR-কেন্দ্ৰীয় অন্তৰ্দেশীয় মৎস্য গৱেষণা প্ৰতিষ্ঠান (ICAR-CIFRI), আঞ্চলিক কেন্দ্ৰ, গুৱাহাটী, ICAR-CIFRI, বেৰাকপুৰ, আৰু মণিপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে পৰিচালিত ব্ৰহ্মপুত্ৰ নদীৰ সাম্প্ৰতিক মিঠাপানীৰ প্ৰাণীজগত সমীক্ষাৰ সময়ত।
এই আৱিষ্কাৰৰ তথ্য স্প্ৰিংগাৰ নেচাৰৰ আন্তৰ্জাতিক সমীক্ষিত পত্ৰিকা নেচনেল একাডেমী চাইন্স লেটাৰ্ছত প্ৰকাশিত হৈছে।
“এই আৱিষ্কাৰে ব্ৰহ্মপুত্ৰ অববাহিকাত এতিয়াও অন্বেষণ কৰিবলগীয়া থকা অবিশ্বাস্য জৈৱবৈচিত্ৰ্যক উজ্জ্বল কৰি তুলিছে। আমি চিহ্নিত কৰা প্ৰতিটো নতুন প্ৰজাতিয়ে উত্তৰ-পূব ভাৰতৰ জটিল জলজ বাস্তুতন্ত্ৰসমূহ আৰু ভালকৈ বুজাত সহায় কৰে। এনেধৰণৰ পদ্ধতিগত সমীক্ষা পৰিৱেশগত পৰিৱৰ্তনৰ ভাবুকিৰ সন্মুখীন হোৱাৰ আগতে এই প্ৰজাতিসমূহ নথিভুক্ত কৰা আৰু সংৰক্ষণ কৰাৰ বাবে অপৰিহাৰ্য,” বুলি গৱেষণা দলৰ এজন সদস্যই কৈছে।
গৱেষণা দলত আছিল ICAR-CIFRI ৰ পৰিচালক ড° বসন্ত কুমাৰ দাস, ICAR-CIFRI আঞ্চলিক কেন্দ্ৰ, গুৱাহাটীৰ বিজ্ঞানী ড° নিতি শৰ্মা আৰু ড° সিমাংকু বৰা, আৰু মণিপুৰ বিশ্ববিদ্যালয়ৰ প্ৰখ্যাত মিঠাপানীৰ শ্ৰেণীবিজ্ঞানী প্ৰফেছৰ ডব্লিউ বিশ্বনাথ আৰু পেথিয়া বিশেষজ্ঞ ড° এম দিষ্মাৰ সৈতে সহযোগিতাত কাম কৰা।
পেথিয়া ডিব্ৰুগড়েনসিছ চাইপ্ৰিনিডে পৰিয়ালৰ অন্তৰ্গত আৰু ইয়াক বাৰ্ব হিচাপে শ্ৰেণীবিভাজন কৰা হৈছে। এই প্ৰজাতিটো বালি আৰু শিলৰ লগত মিহলি হৈ থকা কাদোৰে গঠিত তলৰ স্তৰৰ সৈতে মধ্যমীয়া দ্ৰুতগতিত বৈ যোৱা পানীত বাস কৰা দেখা গৈছে, অঞ্চলটোৰ থলুৱা বিভিন্ন সৰু স্থানীয় মাছৰ প্ৰজাতিৰ সৈতে সহাৱস্থান কৰি।
“এই নতুন প্ৰজাতিৰ পৃথকীকৰণ বৈশিষ্ট্যসমূহে ইয়াক ইয়াৰ সমগোত্ৰীয়সকলৰ মাজত অতি অনন্য কৰি তুলিছে। আমি ইয়াক অসম্পূৰ্ণ পাৰ্শ্বীয় ৰেখা, পুচ্ছ পেডাংকলৰ পৃষ্ঠীয় আৰু অধৰৰ ফালে বিস্তৃত এটা স্বতন্ত্ৰ কৃষ্ণ দাগ, আৰু হিউমাৰেল চিহ্ন আৰু বাৰ্বেল উভয়ৰে অনুপস্থিতি সহ নিৰ্দিষ্ট আকৃতিগত বৈশিষ্ট্যসমূহৰ সংমিশ্ৰণৰ ভিত্তিত চিহ্নিত কৰিছোঁ,” এজন দলৰ সদস্যই কৈছে।
এই আৱিষ্কাৰে ভাৰতৰ অন্যতম জৈৱবৈচিত্ৰ্যপূৰ্ণ নদী প্ৰণালী ব্ৰহ্মপুত্ৰ অববাহিকাত নথিভুক্ত মাছৰ প্ৰজাতিৰ বৰ্ধমান তালিকাত এক উল্লেখযোগ্য অৱদান বুুলি বিবেচিত হৈছৈ।তিব্বত, ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীয়ে অসংখ্য স্থানীয় প্ৰজাতিৰ মাছৰ উৎপাদন কৰে আৰু সমগ্ৰ অঞ্চলত মিঠাপানীৰ মাছৰ জনসংখ্যাৰ বাবে এক গুৰুত্বপূৰ্ণ আবাসস্থল হিচাপেও চিহ্নিত হৈছে।