ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বক্তৃতানুষ্ঠান সম্পন্ন
Butterflies in Assam : Diversity and Ecology শীৰ্ষক গ্ৰন্থ উন্মোচন
NEHU ৰ প্ৰাধ্যাপক এচ আৰ হাজঙৰ বক্তৃতা প্ৰদান
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগতৰ উদ্যোগত আজি বিয়লি ৪ বজাৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ শ্ৰী শ্ৰী অণিৰুদ্ধদেৱ ভৱনত এখন গ্ৰন্থ উন্মোচনী সভা আৰু বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ সংগীত পৰিৱেশন, বন্তি প্ৰজ্জ্বলন আৰু সৰস্বতী বন্দনাৰ পিছতে এই সভাৰ আদৰণী ভাষণ প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান অনুষদৰ গুৰু প্ৰাধ্যাপক দীপশিখা বৰাই। ইয়াৰ পিছতে উন্মোচনী ভাষণ প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক জীতেন হাজৰিকাই। ভাষণ প্ৰসংগত উপাচাৰ্যগৰাকীয়ে কয় যে এখন গ্ৰন্থ লিখিবলৈ হ’লে গৱেষণাৰ লগতে চিন্তাৰ স্পষ্টতাৰ প্ৰয়োজন। আজি উন্মোচন হ’বলগীয়া গ্ৰন্থখনে গৱেষক আৰু ছাত্ৰ সমাজক প্ৰভূতভাৱে সহায় কৰিব বুলি তেখেতে আশা প্ৰকাশ কৰে।
উল্লেখ্য যে এই বক্তৃতানুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী সভাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ DST-WISE, PhD Fellow ৰ অধীনত ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়। দুটা পৰ্যায়ত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। বিদ্যালয় পৰ্যায়ৰ শাখাত ডিব্ৰুগড়ৰ Salt Brook School ৰ দশম শ্ৰেনীৰ ছাত্ৰী গাৰ্গী গগৈয়ে প্ৰথম, যোৰহাটৰ Crescent Academy ৰ কলা দ্বিতীয় বৰ্ষৰ ছাত্ৰী অনিস্মিতা নাথে দ্বিতীয় আৰু ডিব্ৰুগড়ৰ Salt Brook Academy ৰ দ্বাদশ শ্ৰেনীৰ ছাত্ৰ ৰায়হান আহমেদে তৃতীয় স্থান দখল কৰি পুৰষ্কাৰ লাভ কৰে। আনহাতেদি, মহাবিদ্যালয় পৰ্যায়ৰ শাখাত যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ অনুৰাগ শৰ্মাই প্ৰথম, তিনিচুকীয়াৰ তিনিচুকীয়া মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰ প্ৰলয় দাসে দ্বিতীয় আৰু ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কাণৈ ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী ছবিস্মিতা শৰ্মাই তৃতীয় স্থান দখল কৰি পুৰষ্কাৰ লাভ কৰে।