...

১৬ দিনৰ অন্তত শিৱসাগৰত গেছ নিৰ্গমন সফলতাৰে কেপ কৰিলে অ’এনজিচিয়ে

১৬ দিনৰ অন্তত শিৱসাগৰত গেছ নিৰ্গমন সফলতাৰে কেপ কৰিলে অ’এনজিচিয়ে

 

চাইন অন ডেস্ক:

যোৱা ১২ জুনৰ পৰা সক্ৰিয় হৈ থকা শিৱসাগৰ জিলাৰ RDS-147A কূপত তেল আৰু প্ৰাকৃতিক গেছ নিগমে গেছ বিস্ফোৰণ সফলতাৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে।আজি পুৱা ১১:১৫ বজাত নিৰাপদে কূপটো বন্ধ কৰি ১৬ দিনীয়া সংকটৰ অন্ত পেলাই।
কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টযোগে এই প্ৰচেষ্টাক স্বীকাৰ কৰি কয় যে-
“আন্তঃৰাষ্ট্ৰীয় কূপ নিয়ন্ত্ৰণ বিশেষজ্ঞৰ সৈতে ONGCৰ সংকট ব্যৱস্থাপনা দলে অৱশেষত নিখুঁত পৰিকল্পনা আৰু নিৰাপদভাৱে সংহত প্ৰচেষ্টাৰ জৰিয়তে গেছ কূপ বন্ধ কৰিব সক্ষম হয়।ক্ষেত্ৰভিত্তিক দলসমূহক উৎকৃষ্ট আৰু নিৰন্তৰ সহায় আগবঢ়োৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰৰ বিষয়াসকলক ধন্যবাদ।”

Leave a Reply

Your email address will not be published. Required fields are marked *