বৰহোলা মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষ আলোচনা-চক্ৰ
দেশ-বিদেশৰ গৱেষকৰ অংশগ্ৰহণ
চুতীয়া জনগোষ্ঠীৰ বিশেষ প্ৰসংগৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত
তিতাবৰ,৩নৱেম্বৰ:
উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ইতিহাস, সংস্কৃতি, পৰিচয় আৰু সমসাময়িক পৰিৱৰ্তনৰ বিভিন্ন দিশক সামৰি বৰহোলা মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষ আলোচনা-চক্ৰ।

‘উত্তৰ-পূব ভাৰতৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ইতিহাস, সংস্কৃতি, পৰিচয় আৰু সমসাময়িক পৰিৱৰ্তনৰ পুনৰীক্ষণ—চুতীয়া জনগোষ্ঠীৰ বিশেষ প্ৰসংগসহ’ শীৰ্ষক মূল বিষয়বস্তুৰে অনুষ্ঠিত হৈছে
দেশ-বিদেশৰ ভালেসংখ্যক গৱেষক, অধ্যাপক, ছাত্ৰ-ছাত্ৰীয়ে আলোচনা-চক্ৰত অংশগ্ৰহণ কৰিছে।
অনুষ্ঠানত নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° মনজিৎ বৰুৱা আৰু বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জি ছিংগাইয়া উপস্থিত থকাৰ লগতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আলোচনাত অষ্ট্ৰেলিয়াৰ এডিলেইডস্থিত ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক উদয় শইকীয়া আৰু অষ্ট্ৰিয়াৰ ভিয়েনা বিশ্ববিদ্যালয়ৰ অধ্যাপক মেলানি ভাণ্ডেনহেলস্কেনেও অংশ লৈছে।

আজি বিয়লি আলোচনা-চক্ৰৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সামৰণি পৰিব।