...

শ্ৰেণীকোঠাৰ অভাৱত মুকলি আকাশৰ তলতে পাঠদান !

শ্ৰেণীকোঠাৰ অভাৱত মুকলি আকাশৰ তলতে পাঠদান !

দক্ষিণ ঝাপুচাবাৰী এল.পি. স্কুলত ছাত্ৰ-ছাত্ৰীৰ দুৰৱস্থা

আগমনি,৫ আগষ্ট:

ৰাজ্য চৰকাৰে শিক্ষাৰ গুণগত মান বৃদ্ধিৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ সময়তে ধুবুৰী জিলাৰ আগমনি প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ ঝাপুচাবাৰী এল.পি. স্কুলত পৰ্যাপ্ত শ্ৰেণীকোঠাৰ অভাৱে শিক্ষা ব্যৱস্থাক প্ৰশ্নৰ মুখত ঠিয় কৰাইছে। গোলকগঞ্জ বিধানসভা সমষ্টিৰ ঝাপুছাবাৰী চতুৰ্থ খণ্ডত অৱস্থিত বিদ্যালয়খন ১৯৭৯ চনত স্থাপিত হৈছিল যদিওঁ ২০২১ চনত প্ৰাদেশিকৰণ হৈছে। প্ৰাদেশিকৰণৰ পাঁচ বছৰ অতিক্ৰম কৰাৰ পাছতো বিদ্যালয়খনত এটাও পকী শ্ৰেণীকোঠা নিৰ্মাণ নোহোৱাত শিক্ষক-ছাত্ৰ-ছাত্ৰী সকলে নানা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। ফলত এখন জৰাজীৰ্ণ কোঠাতেই পাঁচোটা শ্ৰেণীৰ পাঠদান কৰিবলগীয়া হৈছে। বৰ্তমান বিদ্যালয়খনত প্ৰায় ৩০ গৰাকী ছাত্ৰ-ছাত্ৰী বিপৰীতে দুজন টিউটৰ শিক্ষক নিৰানন্দ ৰায় আৰু অমল চন্দ্ৰ ৰায়ে ২০২১ চনৰ পৰা
শিক্ষক হিচাপে আছে। শ্ৰেণীকোঠাৰ অভাৱৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই বাধ্য হৈ মুকলি আকাশৰ তলতে পাঠদান কৰাবলগীয়া হৈছে। বৰষুণ আৰু প্ৰচণ্ড ৰ’দত পাঠদান ব্যাহত হোৱাৰ লগতে কণ কণ শিশুসকলে যথেষ্ট অসুবিধা ভুগিবলগীয়া হৈছে। শিক্ষা বিভাগে বিদ্যালয়খনত কেৱল প্ৰস্ৰাৱাগাৰ আৰু শৌচাগাৰ নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰিছে। অসম-বংগ সীমান্তৰ এই অঞ্চলটোত শিক্ষাৰ এনে দুৰৱস্থাই ৰাজ্যৰ শিক্ষা ব্যৱস্থাক প্ৰশ্ন মুখত ঠিয় কৰাইছে। ইয়াৰ উপৰিও বিদ্যালয়খনত উপযুক্ত ৰান্ধনীঘৰ নথকাৰ বাবে মিড-ডে-মিল আঁচনি ৰূপায়ণতো ব্যাঘাত জন্মিছে। এই পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষকে অসমৰ শিক্ষা মন্ত্ৰী ড° ৰণোজ পেগু, স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ ওচৰত অতি শীঘ্ৰে দক্ষিণ ঝাপুচাবাৰী এল.পি. স্কুলত নতুন শ্ৰেণীকোঠা আৰু ৰান্ধনীঘৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *