দেৱীপ্ৰসাদ বাগড়োদিয়াৰ গ্ৰন্থ ‘সন্ত কবীৰ’ উন্মোচন মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ
চাইন অন ডেস্ক,৪আগষ্টঃ
অসমৰ এগৰাকী বিশিষ্ট অনুবাদ সাহিত্যিক, সাহিত্যিক পেঞ্চনাৰ, চাহ খেতিয়ক তথা ডিব্ৰুগড়ৰ জ্যোতিনগৰ নিৱাসী দেৱীপ্ৰসাদ বাগড়োদিয়াৰ শেহতীয়া গ্ৰন্থ ‘সন্ত কবীৰ’ যোৱা ২ আগষ্টত উন্মোচন কৰে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ হিন্দু ধৰ্মৰ মৌলিক ভাৱনাৰ ধাৰক আৰু বাহক হিচাপে খ্যাত সন্ত কবীৰৰ জীৱনী, দোহা, শবদ আৰু ৰমৈনী হিন্দীসহ অসমীয়া ভাঙনি সম্বলিত এই গ্ৰন্থখনি হৈছে লেখক বাগড়োদিয়াৰ ১৯ সংখ্যক গ্ৰন্থ৷ প্ৰথিতযশা সাহিত্যিক ড॰ নগেন শইকীয়াই পাতনি লিখা আৰু গুৱাহাটীৰ বিশাল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনি ৰাজ্যৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ৰ সচিৱালয়ত উক্তদিনা সন্ধিয়া উন্মোচন কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সাহিত্যিক বাগড়োদিয়াই সাহিত্য জগতত সম্পাদন কৰি থকা কাম-কাজৰ শলাগ লয় আৰু গ্ৰন্থখনি পঢ়ি লেখকক মতামত আগবঢ়াব বুলিও মন্তব্য কৰে৷ উন্মোচনৰ সময়ত ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, শিল্পী ৰাম চাচনী, সাহিত্যিক গৰাকীৰ পুত্ৰ ডাঃ সুধীৰ বাগড়োদিয়া উপস্থিত থাকে৷ উল্লেখ্য যে ইতিপূৰ্বে সাহিত্যিক বাগড়োদিয়াৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৱলী হিন্দীলৈ অনূদিত গ্ৰন্থ জ্যোতি সুধা [১৯৯১], জ্যোতি প্ৰভা [১৯৯৫], নগেন শইকীয়াৰ মিত-ভাষ [১৯৯৮], চাহ গছৰ কলম [১৯৯৯], শিশু গ্ৰন্থ ‘সুখৰ পৃথিৱী’ [২০০১], বীৰেন বৰকটকীৰ উপন্যাস ‘মৃত্যু গচকি আনা জয় জিনি’ৰ হিন্দী অনুবাদ ‘মৃত্যু বিজয়িনী কনকলতা’ [২০০১], অগস্ত্য যাত্ৰা [২০০৮], মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ‘গুণমালা’¸ৰ হিন্দীলৈ অনুবাদ [২০১০], শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ হিন্দীলৈ অনূদিত গ্ৰন্থ ‘বৰগীত’ [২০১৫], মাধৱদেৱৰ ‘নামঘোষা’ ৰ হিন্দীলৈ অনুবাদ [২০১৭], জ্যোতিপ্ৰসাদৰ জন্মস্থান তামোলবাৰী চাহবাগিচা বিষয়ক গ্ৰন্থ ‘জ্যোতিপ্ৰসাদ ঃ এন্চেষ্টটৰ্চ’ [২০১৯], লোকোক্তি [২০২১], অৱলা কে আঁচু [২০২২], বাগড়োদিয়া পৰিয়ালৰ বিৱৰণ সম্বলিত গ্ৰন্থ ‘বংশাৱলী’ [২০২১] প্ৰকাশ পাইছে৷ এইসমূহ কাম-কাজৰ বাবে তেখেতে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ পৰা অনুবাদকৰ সন্মান, ফুলচান্দ খাণ্ডেলৱাল সংহতি সন্মান, অসম চৰকাৰৰ সাহিত্য সন্মান, ৰাজস্থানৰ মীৰা স্মৃতি সংস্থানৰ ‘মীৰা সন্মান’, সজ্জন জৈন স্মৃতি সাহিত্য পুৰস্কাৰৰ লগতে অসম সাহিত্য সভাৰ বাসুদেৱ জালান স্মৃতি বঁটাও লাভ কৰিছে৷