বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক স্মাৰক পত্ৰ প্ৰদান ডিব্ৰুগড় বিশ্ববিদ্যালয় ‘ আছু ‘ গোটৰ
চাইন অন ডেস্ক,৪আগষ্ট:

স্মাৰক পত্ৰখনত বানপীড়িত শিক্ষাৰ্থীসকলৰ বাবে বিশ্ববিদ্যালয়ৰ ছাত্ৰবাস/ছাত্ৰীনিবাসত বিশেষ ভিত্তিত আসন প্ৰদান কৰাৰ ব্যৱস্থা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ বিভিন্ন অধ্যয়ন কেন্দ্ৰত নামভৰ্তিৰ মাচুল কমেও দুটা কিস্তিত পৰিশোধ কৰাৰ বিশেষ সুবিধা, বানপানীত ক্ষতিগ্ৰস্ত হোৱা বৰ্তমান আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলৰ শিক্ষাগত নথি-পত্ৰ সম্পূৰ্ণ বিনামূল্যে পুনৰ প্ৰদানৰ বাবে বিশেষ ব্যৱস্থা বা প’ৰ্টেল মুকলি কৰাৰ দাবী জনোৱা হয়।ইয়াৰ উপৰিও, ৬ আগষ্ট, ২০২৬ তাৰিখৰ পৰা নিয়মীয়া পাঠ্যক্ৰম আৰু ১০ আগষ্ট, ২০২৬ তাৰিখৰ পৰা নতুন পাঠ্যক্ৰম আৰম্ভ হ’ব যদিও বহু বানপীড়িত শিক্ষাৰ্থীৰ ঘৰ-দুৱাৰ এতিয়াও পানীত আবদ্ধ হৈ থকাৰ লগতে বহু পৰিয়াল আশ্ৰয় শিবিৰত বাস কৰিবলৈ বাধ্য হৈছে। সেয়েহে দুৰ্যোগজনিত কাৰণত যদি কোনো শিক্ষাৰ্থীয়ে নিৰ্ধাৰিত সময়ত বিশ্ববিদ্যালয়ত উপস্থিত হ’ব নোৱাৰে, তেন্তে তেওঁলোকৰ উপস্থিতি, নামভৰ্তি, শ্ৰেণীকোঠাৰ পাঠদান আৰু অন্যান্য শৈক্ষিক কাৰ্যসূচীৰ ক্ষেত্ৰত বিশেষ শিথিলতা প্ৰদান কৰিবলৈও বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অনুৰোধ জনোৱা হয়।ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটে কয় যে, প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক জটিল পৰিস্থিতিৰ বাবে কোনো শিক্ষাৰ্থীৰ শিক্ষাজীৱন ব্যাহত হ’ব নালাগে। এনে সংকটৰ সময়ত শিক্ষানুষ্ঠানসমূহে মানৱীয় আৰু দায়িত্বশীল ভূমিকা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। সেয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বানপীড়িত শিক্ষাৰ্থীসকলৰ সমস্যাসমূহ গুৰুত্বসহকাৰে বিবেচনা কৰি শীঘ্ৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব বুলি আছু গোটে আশা প্ৰকাশ কৰিছে ।