...

অৰুণাচলৰ পৰা ড্ৰাগছ আৰু মাৰণাস্ত্ৰ সৰবৰাহ

অৰুণাচলৰ পৰা ড্ৰাগছ আৰু মাৰণাস্ত্ৰ সৰবৰাহ

জাগুনত আৰক্ষীৰ জালত কুখ্যাত সৰবৰাহকাৰী নাটং কামচা

মাৰ্ঘেৰিটা,৪আগষ্ট:

তিনিচুকীয়া জিলাৰ জাগুনত আৰক্ষীৰ এক বিশেষ অভিযানত মাৰণাস্ত্ৰ আৰু বিপুল পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ আটক হয় এজন কুখ্যাত সৰবৰাহকাৰী। অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ ড্ৰাগছ সৰবৰাহৰ সময়তে লেখাপানী আৰু জাগুন আৰক্ষীৰ যৌথ দলে অভিযান চলাই যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা সৰবৰাহকাৰীজনক অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপং থানাৰ অন্তৰ্গত এলেকাৰ নিবাসী নাটং কামচা বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, ধৃত নাটং কামচাই সুদীৰ্ঘ দিনৰ পৰা অৰুণাচল প্ৰদেশৰ পৰা অসমৰ বিভিন্ন প্ৰান্তলৈ নিষিদ্ধ ড্ৰাগছৰ অবৈধ সৰবৰাহ চলাই আহিছিল। গোপন সূত্ৰৰ পতিয়নযোগ্য খবৰৰ ভিত্তিত আজি চলোৱা এই অভিযানত অৱশেষত আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰীজন।অভিযানকৰী আৰক্ষীৰ দলটোৱে ধৃত নাটং কামচাৰ জিম্মাৰ পৰা এটা ইটালীত নিৰ্মিত পিষ্টল, ১৫ জাই সজীৱ গুলী, চাৰিটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ আৰু দুটাকৈ মোবাইল ফোন জব্দ কৰে।ইফালে, এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, ধৃত নাটং কামচা পূৰ্বে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন ‘এন এছ চি এন (আই-এম)’ -ৰ এজন সক্ৰিয় কেডাৰ আছিল। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি সোধ-পোচ ব্যৱস্থা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *