...

উজনিৰ চাৰি জিলাৰ বানাক্ৰান্ত পৰিয়াললৈ ১৫ হাজাৰ টকাৰ অন্তৰ্ৱৰ্তীকালীন বান সাহাৰ্য

উজনিৰ চাৰি জিলাৰ বানাক্ৰান্ত পৰিয়াললৈ ১৫ হাজাৰ টকাৰ অন্তৰ্ৱৰ্তীকালীন বান সাহাৰ্য

চৰাইদেউ-শিৱসাগৰ জিলাৰ ৰাইজে জুলাই মাহৰ বিদ্যুৎ বিল পৰিশোধ কৰিব নালাগে:মুখ্যমন্ত্ৰী

চাইন অন ডেস্ক,৩আগষ্টঃ

ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিৱালয়ত আজি অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ বানাক্ৰান্ত চাৰিখন জিলা—শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাটৰ ৰাইজৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সাহায্য আৰু পুনৰ্বাসনৰ ঘোষণা কৰে। অনুষ্ঠানটোত চাৰি জিলাৰ বানাক্ৰান্ত পৰিয়ালসমূহলৈ ১৫ হাজাৰ টকাকৈ অন্তৰ্ৱৰ্তীকালীন বান সাহায্যৰ শুভাৰম্ভ কৰাৰ লগতে ‘পি এম সূৰ্যঘৰ’ যোজনাৰ হিতাধিকাৰীসকললৈ ৰাজ্যিক ৰাজসাহায্য প্ৰদান কাৰ্যসূচী ভাৰ্চুৱেলী শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ দুটাকৈ বিশেষ কাৰ্যসূচী শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বানাক্ৰান্তসকলক আজিৰ তাৰিখত নগদ ধনৰ প্ৰয়োজন হৈছে, কিয়নো নগদ ধনৰ অবিহনে নিজৰ আপোন ঘৰখনলৈ উভতি যোৱা কাৰো বাবে সহজ নহ’ব। ৰাইজৰ প্ৰয়োজনীয়তাক স্বীকৃতি দি প্ৰতিটো বানাক্ৰান্ত পৰিয়াললৈ ১৫ হাজাৰ টকাকৈ আগবঢ়োৱা হৈছে। বৰ্তমানলৈকে শিৱসাগৰত ৩৫,২৯৮, চৰাইদেউত ১৯,৮৮৩, গোলাঘাটত ৫৯৩ আৰু যোৰহাটত ৪,৯২২ টা পৰিয়ালসহ মুঠ ৬২,৬৯৩ টা পৰিয়ালৰ একাউণ্টলৈ এই ধন প্ৰেৰণ কৰা হৈছে। জিলা আয়ুক্তসকলৰ পৰা তথ্য অহাৰ লগে লগে এই সংখ্যা ৭৫ হাজাৰলৈ বৃদ্ধি পাব আৰু ৫ আগষ্টৰ ভিতৰত বাকীসকলৰ একাউণ্টতো এই ধন জমা হ’ব। ইয়াৰোপৰি, যিসকল বানাক্ৰান্ত ১০ আগষ্টলৈকে ঘৰলৈ উভতি যাব নোৱাৰিব, তেনে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ পৰিয়ালসমূহলৈ অতিৰিক্ত ১০ হাজাৰ টকা মুকলি কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে। অন্যহাতে, বানাক্ৰান্তসকলক লগে লগে বেংকৰ ঋণ ঘূৰাই দিবলগীয়া পৰিস্থিতিৰ পৰা ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰীয়কৃত বেংক তথা আন আন বেংকসমূহৰ সৈতে আলোচনা কৰি ছমাহলৈ ঋণ ঘূৰাই নিদিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। ইফালে, বীমা কোম্পানীসমূহৰ সৈতে আলোচনা কৰি গাড়ী, ঘৰ আৰু জীৱন বীমাৰ ক্ষেত্ৰত জটিল কাগজপত্ৰৰ প্ৰক্ৰিয়া বৰ্জন কৰি সোনকালে বীমা নিষ্পত্তি কৰিবলৈ আৰু স্থায়ী নিষ্পত্তি নোহোৱালৈকে অন্তৰ্ৱৰ্তীকালীন বীমা ৰাশি প্ৰদান কৰিবলৈ উমৈহতীয়া সিদ্ধান্তত উপনীত হোৱা বুলি তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে ৰাজ্য চৰকাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আন্তঃগাঠনি উন্নত কৰাত গুৰুত্ব আৰোপ কৰিছে। বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ মেৰামতিৰ বাবে ২ লাখ ১০ হাজাৰ টকাকৈ ঘোষণা কৰা হৈছে, যি ৫ আগষ্টৰ পূৰ্বে একাউণ্টলৈ প্ৰেৰণ কৰা হ’ব। সমগ্ৰ শিক্ষা অভিযানে বিদ্যালয়সমূহৰ ক্ষয় ক্ষতিৰ মূল্যায়ংকন অব্যাহত ৰাখিছে বুলি তেওঁ কয়। শিক্ষা বিভাগে বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণ কৰাৰ লগতে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক দুযোৰকৈ ইউনিফৰ্ম দিয়াৰ ব্যৱস্থা কৰা হৈছে। একেদৰে ভাদ মাহৰ নাম প্ৰসংগ অসমৰ আধ্যাত্মিক জীৱনৰ এক এৰাব নোৱাৰা অংগ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বানে বিধ্বস্ত কৰি থৈ যোৱা নামঘৰসমূহলৈ ডেৰ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব বুলি কয়, যি পুঁজি ৭ আগষ্টৰ পূৰ্বে মুকলি কৰা হ’ব। সংবেদনশীলতাৰ পৰিচয় দি চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰাইজে জুলাই মাহৰ বিদ্যুৎ বিল পৰিশোধ কৰিব নালাগে বুলি ঘোষণা কৰাৰ লগতে মাটিৰ খাজনাও এবছৰৰ বাবে ৰেহাই দিয়া হৈছে বুলি তেওঁ অৱগত কৰে। বানত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ পূৰ্বে দিয়া ৪ লাখ টকাৰ উপৰি অতিৰিক্ত ৫ লাখ টকাকৈ দিয়াৰ কথাও তেওঁ উল্লেখ কৰে। বানাক্ৰান্তক ক্ষতিপূৰণ প্ৰদানৰ বাবে স্থায়ী ক্ষতিৰ বুজ ল’বলৈ দীঘলীয়া সময় অপেক্ষা নকৰি ক্ষিপ্ৰতাৰে কাম হাতত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ৭ আগষ্টত চাৰি জিলাৰ জিলা আয়ুক্তসকলক প্ৰশিক্ষণ দিয়া হ’ব, ৮ আগষ্টত সমীক্ষাকাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব আৰু ৯-১০ আগষ্টৰ পৰা চাৰিখন জিলাত স্থায়ী ক্ষতিৰ বুজ লোৱাৰ জৰীপ আৰম্ভ হ’ব। দহ দিনৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰি আগষ্ট মাহৰ ভিতৰতে স্থায়ী ক্ষতিৰ পুঁজি মুকলি কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও স্থায়ী ক্ষতিৰ সমীক্ষাৰ লগে লগে নিৰ্ধাৰিত নিয়ম অনুসৰি প্ৰয়োজনীয় পুঁজি মুকলি কৰি দিয়াৰ আশ্বাস দিছে বুলি তেওঁ জানিবলৈ দিয়ে৷ ডিব্ৰুগড়ৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী কেশৱ মহন্ত, ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, সঞ্জয় কিষান আৰু জিলা আয়ুক্ত বিক্ৰম কৈৰী উপস্থিত আছিল। গুৱাহাটীৰ পৰা মুখ্য সচিব ৰবি কোটাই আৰু তিতাবৰ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে মন্ত্ৰী বিমল বৰা আৰু চাৰি জিলাৰ আয়ুক্তসকলে অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *