...

বৃহত্তৰ ডিব্ৰুগড় গৰাখহনীয়া প্ৰতিৰোধ সমিতিৰ ডিব্ৰুগড়ক গৰাখহনীয়াৰ পৰা স্থায়ী সুৰক্ষাৰ দাবীৰে মুখ্যমন্ত্ৰীক স্মাৰক-পত্ৰ প্ৰদান

বৃহত্তৰ ডিব্ৰুগড় গৰাখহনীয়া প্ৰতিৰোধ সমিতিৰ  ডিব্ৰুগড়ক গৰাখহনীয়াৰ পৰা স্থায়ী সুৰক্ষাৰ দাবীৰে মুখ্যমন্ত্ৰীক স্মাৰক-পত্ৰ প্ৰদান

 

চাইন অন ডেস্ক,৪আগষ্টঃ

মহাবাহু ব্ৰহ্মপুত্ৰৰ সংহাৰী গৰাখহনীয়াৰ স্থায়ী। সমাধানৰ পদক্ষেপ গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মাই৷ঐতিহাসিক ডিব্ৰুগড়ক সুৰক্ষিত কৰাৰ দাবীৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এক স্মাৰক-পত্ৰ প্ৰদান কৰা হয়। ডিব্ৰুগড় বাৰ এছ’চিয়েশ্বন, ডিব্ৰুগড় নাগৰিক সংঘ আৰু অন্যান্য ৰাইজ তথা সামাজিক সংগঠনৰ উদ্যোগত গঠন কৰা ‘বৃহত্তৰ ডিব্ৰুগড় গৰাখহনীয়া প্ৰতিৰোধ সমিতি’ৰ উদ্যোগত চহৰখনৰ সুৰক্ষা ব্যৱস্থাৰ স্থায়ী পুনৰুদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰীক প্ৰদান কৰা স্মাৰক-পত্ৰখনত উল্লেখ কৰে যে ১৯৩৫ চনৰ পৰাই ডিব্ৰু নদীক নিজৰ বুকুত বিলীন কৰি লৈ ব্ৰহ্মপুত্ৰই চলোৱা খহনীয়াই ডিব্ৰুগড় চহৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল। পৰৱৰ্তী সময়ত, ১৯৫০ চনৰ ভয়াবহ ভূমিকম্পই নৈখনৰ গতিপথ সলনি কৰি খহনীয়াৰ তীব্ৰতা বহুগুণে বঢ়াই তোলে। ১৯৫৩-৫৪ চনৰ ভিতৰত জি.পি.অ’ ভৱন, আৱৰ্ত ভৱন, সুদৃশ্য পাৰ্ক আৰু কৰ্নেল এডাম হোৱাইটৰ স্মৃতি বিজড়িত ঐতিহাসিক ৪০ ফুট ওখ গীৰ্জাৰ দৰে বহু ঐতিহ্যমণ্ডিত সৌধ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। এই দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ ১৯৫৪ চনৰ ছেপ্টেম্বৰত তৎকালীন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বিশেষ পদক্ষেপত মাইজানৰ পৰা পাঁচ আলীলৈকে প্ৰায় ৪০০ ফুট দৈৰ্ঘ্যৰ ৭ টাকৈ শিলৰ ‘স্পাৰ’ আৰু খহনীয়া প্ৰতিৰোধ শক্তিশালী কৰিবলৈ শাল-নাহৰ গছেৰে ১৬ টাকৈ অতি মজবুত ৪০ ফুট দৈৰ্ঘৰ কাঠৰ ‘স্পাৰ’ নিৰ্মাণ কৰা হৈছিল। নদী বিশেষজ্ঞসকলৰ এই প্ৰচেষ্টাৰ বাবেই ডিব্ৰুগড়ে নতুন জীৱন লাভ কৰিছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে, একাংশ সমাজবিৰোধী আৰু অসামাজিক চক্ৰৰ ৰহস্যজনক কাৰ্যকলাপ তথা দায়িত্বজ্ঞানহীনতাৰ বাবে এই কাঠৰ স্পাৰসমূহ ইটোৰ পিছত সিটোকৈ চুৰি হৈ নাইকিয়া হ’ল। ফলত নৈৰ শক্তিশালী গভীৰ সোঁতে গভীৰৰ মাটি খহাই অন্তৰ্ভাগ খালি কৰি আকৌ এক ভয়ংকৰ বিপদৰ সৃষ্টি কৰিছে। বৰ্তমান এই ভয়ংকৰ বিপদৰ সৈতে মোকাবিলা কৰিবলৈ খহনীয়া স্থানত বালিভৰ্তি বেগ দিয়াৰ দৰে যি অস্থায়ী আৰু দুৰ্বল পদক্ষেপেৰে ৰাইজক পতিয়ন নিয়াবলৈ চেষ্টা কৰা হৈছে, সেয়া একেবাৰেই পৰ্যাপ্ত নহয়। ধ্বংসপ্ৰাপ্ত শিলৰ স্পাৰসমূহে এতিয়া অকলশৰে আৰু বেছি দিন চহৰখনক সুৰক্ষা দি থাকিব নোৱাৰে। গতিকে, পূৰ্বৰ দৰেই ইয়াত কাঠৰ স্পাৰসমূহ পুনৰ সংস্থাপন কৰি এক স্থায়ী আৰু মজবুত সুৰক্ষা ব্যৱস্থা গঢ়ি তোলাটো অত্যন্ত জৰুৰী হৈ পৰিছে। যি সময়ত ডিব্ৰুগড়ক ৰাজ্যৰ ‘দ্বিতীয় ৰাজধানী’ হিচাপে গঢ়ি তোলাৰ সপোন দেখা হৈছে, তেনে সময়ত চহৰখনৰ অস্তিত্বই যদি বিপন্ন হয়, তেন্তে উন্নয়নৰ সকলো আশা ধূলিস্যাৎ হৈ পৰিব। সেয়েহে, এই অৱহেলাৰ এক উচ্চস্তৰীয় তদন্ত কৰাৰ লগতে ডিব্ৰুগড় চহৰক চিৰদিনৰ বাবে সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ কৰে। ডিব্ৰুগড় বাৰ এছ’চিয়েশ্যনৰ সভাপতি হেমচন্দ্ৰ বৰা, সাধাৰণ সম্পাদক সত্যব্ৰত শৰ্মা, ডিব্ৰুগড় নাগৰিক সংঘৰ সভাপতি যোগেন্দ্ৰ নাথ বৰা, সাধাৰণ সম্পাদক ড° কুমুদ চন্দ্ৰ বৰা, বৃহত্তৰ ডিব্ৰুগড় গৰাখহনীয়া প্ৰতিৰোধ সমিতিৰ সভাপতি মনজিৎ বৰা, কাৰ্যকৰী সভাপতি মিলন সোনোৱাল আৰু সাধাৰণ সম্পাদক উদয় শংকৰ মহনৰ যৌথ স্বাক্ষৰ সম্বলিত এই স্মাৰক-পত্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰীক জৰুৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়। উল্লেখ্য যে, বৃহত্তৰ ডিব্ৰুগড়ৰ অস্তিত্ব ৰক্ষা আৰু এই ঐতিহাসিক চহৰখনক ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ পৰা চিৰদিনৰ বাবে মুক্ত কৰাৰ লক্ষ্যৰে ‘জাতীয় যৌথ মঞ্চ, অসম’, ‘ডিব্ৰুগড় বাৰ এচ’ছিয়েচন’, ‘ডিব্ৰুগড় নাগৰিক সংঘ’ আৰু বিভিন্ন সামাজিক সংগঠনৰ যৌথ উদ্যোগত ‘বৃহত্তৰ ডিব্ৰুগড় গৰাখহনীয়া প্ৰতিৰোধ সমিতি’ক শেহতীয়াকৈ গঠন কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *