...

ডিব্ৰুগড়ত ১.৫ কিলোমিটাৰ বেদখল মুক্ত

ডিব্ৰুগড়ত ১.৫ কিলোমিটাৰ বেদখল মুক্ত

বিগত সময়ত কিছু সন্দেহজনক লোকৰ বাসস্থান গঢ়ি উঠিছিল!

চাইন অন ডেস্ক,২জুলাই:

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ সকলো অবৈধ দখল,মুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰাৰ পিছত যেন ডিব্ৰুগড় জিলা প্ৰশাসন থমকি ৰোৱা নাই।নিৰন্তৰভাবে জিলা খনৰ সকলো অবৈধ দখল মুক্ত কৰাৰ বাবে বদ্ধপৰিকৰ হৈ পৰিছে।সেয়ে আজি পুনৰাই চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে চলোৱা এক বৃহৎ অভিযানত ডিব্ৰুগড় জিলা প্ৰশাসনে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এক বৃহৎ উচ্ছেদ অভিযান চলায়।প্ৰায় ১.৫ কিলোমিটাৰ জুৰি থকা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অবৈধ বসতিসমূহ উৎখাত কৰে। ডিব্ৰুগড় চহৰ সুৰক্ষা মথাউৰি আৰু নদীৰ পাৰৰ মাজৰ অংশত অবৈধভাৱে নিৰ্মাণ কৰা বাসগৃহ আৰু অনান্য নিৰ্মানৰ সজুলি থকা সামগ্ৰীক এই অভিযানৰ অংশ বিশেষ আছিল। চৰকাৰী ভূমিৰ এই অঞ্চলটোত বিগত বছৰসমূহত অনিয়ন্ত্ৰিতভাৱে কিছু সন্দেহজনক লোকৰ বাসস্থান গঢ়ি উঠিছিল।ডিব্ৰুগড় পূব ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সমুজ্বল বৰাৰ তত্ত্বাৱধানত এই অভিযান চলোৱা হয়।চক্ৰ বিষয়া গৰাকীয়ে নিজেই ঘটনাস্থলীত উপস্থিত থাকি উচ্ছেদ প্ৰক্ৰিয়াৰ তদাৰক কৰে। বহু বছৰ ধৰি থকা আৰু সমগ্ৰ পৰিয়াল বাস কৰি থকা এই বাসগৃসমূহ ভাঙি পেলাবলৈ বৃহৎ সংখ্যক এক্সকেভেটৰ আৰু জেচিবিৰ লগতে এক বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল।উচ্ছেদস্থলীত সাংবাদিকক সম্বোধন কৰি চক্ৰ বিষয়া বৰাই কয়, “আজি বহ্মপুত্ৰ নদীৰ পাৰৰ প্ৰায় ১.৫ কিলোমিটাৰ বেদখল মুক্ত কৰা হৈছে। এই ভূমি মথাউৰি সুৰক্ষা মণ্ডলৰ ভিতৰত পৰে আৰু বান ব্যৱস্থাপনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এই মাটিখিনি অবৈধ দখলত আছিল। এই বেদখলে মথাউৰিটোৰ সুৰক্ষা আৰু বাৰিষাৰ সময়ত জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিছিল।”উচ্ছেদ অভিযান যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নোহোৱাকৈ সম্পন্ন হয়, তাৰ বাবে প্ৰশাসনে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ গোটৰ লগতে বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰে। উচ্ছেদৰ সময়ত আইন-শৃংখলা বজাই ৰখা আৰু বিষয়া তথা দখলকাৰীসকলৰ মাজত হোৱা যিকোনো ধৰণৰ সংঘাত ৰোধ কৰাই আছিল এই কটকটীয়া নিৰাপত্তাৰ মূল উদ্দেশ্য।
ডিব্ৰুগড় চহৰ সুৰক্ষা মথাউৰি হৈছে এক গুৰুত্বপূৰ্ণ বান নিয়ন্ত্ৰণ ব্যৱস্থা, যিয়ে বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ পৰা ডিব্ৰুগড় মহানগৰক ৰক্ষা কৰি আহিছে। মথাউৰি আৰু নদীৰ মাজৰ সংৰক্ষিত অংশত হোৱা বেদখলে মথাউৰিৰ স্থিৰতাৰ প্ৰতি ভাবুকি স্বৰূপ বুলি অভিযন্তাসকলে দীৰ্ঘদিন ধৰি চিহ্নিত কৰি আহিছে, যাৰ ফলত পানীৰ প্ৰবল সোঁতৰ সময়ত মথাউৰি ভাঙি যোৱাৰ আশংকা বৃদ্ধি পায়।জিলা বিষয়াসকলে জানিবলৈ দিয়া মতে, মথাউৰি সুৰক্ষিত কৰা আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ চৰকাৰী ভূমি পুনৰুদ্ধাৰ কৰাৰ এক নিৰন্তৰ প্ৰয়াসৰ অংশ হিচাপে অনাগত সপ্তাহবোৰত নদীৰ পাৰৰ অন্যান্য বেদখলীকৃত অঞ্চলসমূহতো অনুৰূপ উচ্ছেদ অভিযান চলোৱা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *