...

সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান নিৰুদ্দেশ!

সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান নিৰুদ্দেশ!

পৰিয়ালৰ মাজত হাহাকাৰ

মানকাচৰ,২জুলাই:

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ পৰা এক উদ্বেগজনক খবৰ পোহৰলৈ আহিছে। জিলাখনৰ দক্ষিণ শালমাৰাৰ চৰ কাটডাঙাৰ বাঘাপাৰা অঞ্চলৰ পৰা যোৱা দেওবাৰৰ পৰা সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) এগৰাকী জোৱান ৰহস্যজনক ভাৱে নিৰুদ্দেশ হৈ পৰিছে।
নিৰুদ্দেশ হোৱা জোৱান জনৰ নাম মনোৱাৰ হুছেইন। জানিব পৰা মতে, তেওঁ ভিনিয়েকৰ ঘৰত ফুৰিবলৈ আহিছিল। কিন্তু দেওবাৰৰ দিনা তেওঁ হঠাত ক’ৰবালৈ গুচি যায় আৰু তাৰ পাছৰে পৰা তেওঁৰ কোনো সম্ভেদ পোৱা যোৱা নাই।
এই সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে কালাপানী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। নিৰুদ্দেশ হোৱা জোৱান জনক বিচাৰি উলিয়াবলৈ পৰিয়ালৰ লোকে ৰাইজৰ সহায় ভিক্ষা কৰিছে। যদি কোনো ব্যক্তিয়ে মনোৱাৰ হুছেইনক ক’ৰবাত দেখা পায়, তেন্তে অনতিপলমে ৮৪৫৩৬১৩৬১৬ অথবা ৭০৮৬১৮৭৭৩৫ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *