...

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যত প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যত প্ৰতিক্ৰিয়া

নতুন দিল্লীত জংগী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বাবে সদা প্ৰস্তুত:মটক যুৱ-ছাত্ৰ সন্মিলন

চাইন অন ডেস্ক,২জুলাই:

গুৱাহাটীত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল ওৰামে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত কৰা টুলুঙা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে এক বিজ্ঞপ্তিৰ জৰিয়তে স্পষ্ট কৰি দি কয় যে,অসম চৰকাৰে যোৱা বছৰতে কেন্দ্ৰ চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰি হাত সাৱটি বহি থাকিলে সিমানতেই দায়িত্ব শেষ হৈ নাযায়।সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে ১৯৪০ চনত জন্মলগ্নৰেই পৰা জনজাতিকৰণৰ মূল দাবীত অহৰহ ধাৰাবাহিক সংগ্ৰাম অব্যাহত ৰাখিছে আৰু অদূৰ ভৱিষ্যৎতেও মটক জনগোষ্ঠীক জনজাতিৰ সংবিধানিক মৰ্য্যদা প্ৰদান নকৰা পৰ্যন্ত ক্ষান্ত নহয়।কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয় আৰু জনজাতি পৰিক্ৰমা বিভাগে তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্য চৰকাৰ,ভাৰতৰ মহা পঞ্জীয়ক,কেন্দ্ৰীয় জনজাতি দপ্তৰ, জনজাতি আয়োগ তথা অন্যান্য সংশ্লিষ্ট বিভাগৰ অনুমোদনৰ বাবে ক্ষীপ্ৰতাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰে কেন্দ্ৰ চৰকাৰক সঁচা অৰ্থত হেঁচা প্ৰয়োগ কৰিবলৈ বিজ্ঞপ্তিৰ দ্বাৰাই আহ্বান জনায় আৰু এই ক্ষেত্ৰত অসমৰ পৰা প্ৰতিনিধিত্ব কৰা লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰো যথেষ্ট কৰণীয় আছে বুলিও উল্লেখ কৰি কয় যে যিহেতু, অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ এই স্পৰ্শকাতৰ বিষয়টিক কোনেও যাতে ধৃতৰাষ্ট্ৰৰ ভুমিকা পালন কৰি ৰাজনৈতিক হেতালি খেলিবলৈ প্ৰয়াস কৰাৰ পৰিৱৰ্তে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম আৰু কেন্দ্ৰীয় চৰকাৰক বিবেচনাধীন বুলি কৈ কাৰ্যকাল শেষ কৰি নেপেলাবলৈকো অনুৰোধ জনায়।ছাত্ৰ সংগঠনটোৱে স্পষ্ট কৰি কয় যে, সম্প্ৰতি অসমত ভয়াবহ ৰূপ ধাৰণ কৰা বানপানীৰ বিভিষিকাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে যি কোনো আন্দোলন কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছে তাৰ অৰ্থ এইটো নহয় যে, সকলো জানি,দেখি, শুনিও নীৰৱে বহি থাকিম ; প্ৰয়োজনত নতুন দিল্লীত জংগী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈকো সদা প্ৰস্তুত আছোঁ বুলি সভাপতি ৰঞ্জিৎ গোহাঁই,সাধাৰণ সম্পাদক স্বৰূপ গোহাঁইৰ দ্বাৰা স্বাক্ষৰিত এক বিজ্ঞপ্তি সন্থাৰ তথ্য আৰু প্ৰচাৰ সম্পাদক গোলাপ লাহনে সদৰী কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *