...

ডিব্ৰুগড়ত এএমচিৰ বি.ফাৰ্মৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

ডিব্ৰুগড়ত এএমচিৰ বি.ফাৰ্মৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

চুইচাইড নোট উদ্ধাৰ

চাইন অন ডেস্ক,২জুলাই:

ডিব্ৰুগড়ৰ মহানগৰৰ গ্ৰেহাম বজাৰ অঞ্চলত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ বি ফাৰ্মৰ ছাত্ৰ সুশান্ত দাসক, ভাৰা কোঠাত চিলিং ফেনত ওলমি থকা অৱস্থাত কালি উদ্ধাৰ কৰা হয়।ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে জনোৱা মতে, বিজনী নিবাসী সুশান্ত দাসে যোৱা ডিচেম্বৰৰ পৰা গ্ৰেহাম বজাৰৰ ৰাজেন কুমাৰ সিঙৰ ভাড়াঘৰত থাকি অধ্যয়ন কৰি আহিছিল। খবৰ অনুসৰি মঙলবাৰে সন্ধিয়াৰ পৰা তেওঁৰ কোঠাৰ দুৱাৰত তলা বন্ধ হৈ আছিল। যেতিয়া দুৱাৰখন বন্ধ হৈ থাকে তেতিয়া ঘৰৰ মালিকৰ কিছু সন্দেহ হয় আৰু জুমি ছোৱাত দুৱাৰৰ তলত ভৰি এখন ওলমি থকা লক্ষ্য কৰাত তেওঁ লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ উপস্থিতিত দুৱাৰখন খুলি দিয়াত ছাত্ৰজনৰ মৃতদেহ চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। প্ৰাথমিক তদন্তৰ সময়ত কোঠাটোৰ পৰা দুখন হাতে লিখা নোট উদ্ধাৰ কৰা হয়, যিখন নোট আৰক্ষীয়ে অধিক তদন্তৰ বাবে জিম্মাত লৈছে। আৰক্ষীয়ে জনোৱা মতে, উদ্ধাৰ হোৱা নোটসমূহৰ ভিতৰত থকা সামগ্ৰীসমূহ পৰীক্ষা কৰা হৈছে। গোচৰৰ সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি তদন্ত অব্যাহত আছে। আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছতহে আত্মহত্যাৰ কাৰণ নিশ্চিত হ’ব। এই ঘটনাই অঞ্চলটোত এক শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।আৰক্ষীয়ে এই গোচৰৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *