ভাৰত-বাংলাদেশ সীমান্তত ন’মেনছ লেণ্ডত অঘটন!
মানকাচৰ,১৪জুন:

জানিব পৰা মতে, ভাৰতৰ বিভিন্ন প্ৰান্তত সন্দেহযুক্ত বাংলাদেশী নাগৰিক হিচাপে আটক হোৱা এই লোক কেইজনক আজি পুৱতি নিশা সীমান্ত পথেৰে 
এই মুহূৰ্তলৈকে আৱদ্ধ লোককেইজনৰ প্ৰকৃত পৰিচয় সম্পৰ্কে কোনো তথ্য পোহৰলৈ অহা নাই। তেওঁলোক প্ৰকৃততে ভাৰতীয় নে বাংলাদেশী নাগৰিক, সেই লৈও ৰহস্য ঘনীভূত হৈছে। সীমান্তত কঠোৰ নিৰাপত্তা ব্যৱস্থা আৰু প্ৰৱেশ নিষেধ থকাৰ বাবে ঘটনাটোৰ অধিক সবিশেষ জানিব পৰা হোৱা নাই।
সূত্ৰ অনুসৰি, সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) আৰু বিজিবিৰ মাজত অনুষ্ঠিত হ’বলগীয়া এক উচ্চস্তৰীয় বৈঠকৰ পিছতহে লোককেইজনৰ প্ৰকৃত পৰিচয় আৰু তেওঁলোকৰ ভৱিষ্যতৰ দিশটো স্পষ্ট হ’ব। বৰ্তমান সীমান্তত অৱস্থা যথেষ্ট উদ্বেগজনক হৈ আছে।