...

অসম উন্নতি সভা তিনিচুকীয়া জিলা সমিতিৰ অধিবেশন সম্পন্ন

অসম উন্নতি সভা তিনিচুকীয়া জিলা সমিতিৰ অধিবেশন সম্পন্ন

ৰাজেশ চাহু সভাপতি আৰু বিতু ডেকাক সম্পাদক হিচাপে নিৰ্বাচিত

ফিল’বাৰী,৭জুন:

সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম উন্নতি সভাৰ তিনিচুকীয়া জিলা সমিতিৰ অধিৱেশনখনি আজি মাকুমস্থিত বনমালী শইকীয়া ভৱনত সফলতাৰে অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰতিম নেওগ আৰু তিনিচুকীয়া জিলা উন্নতি সভাৰ সভাপতি ভবেন দাসে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাৰ পতাকা উত্তোলন কৰে। ইয়াৰ পিছত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কনচেং গগৈ আৰু তিনিচুকীয়া জিলা উন্নতি সভাৰ সম্পাদক গৌতম পালে শ্বহীদ তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰে।
উক্ত অনুষ্ঠানত অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা, অসম উন্নতি সভাৰ উপ-সভাপতি লক্ষীকান্ত শইকীয়া কাৰ্যনিৰ্বাহক সদস‍্য মৃনাল শইকীয়া, জিলা মীন উন্নয়ন বিষয়া অজান মহন্ত , কৃষি পৰিদৰ্শক বিষয়া সীমান্ত বৰুৱা, বিশিষ্ট কৃষক ৰন্টু চেতিয়া উপস্থিত থাকে। উক্ত অধিৱেশনত জিলাখনৰ অৰ্থনৈতিক স্বাৱলম্বিতা, কৃষি আৰু উদ্যোগভিত্তিক উন্নয়ন, থলুৱা সম্পদৰ সংৰক্ষণ, উৎপাদনমুখী অৰ্থনীতি গঢ়ি তোলা আৰু নিবনুৱা সমস্যাৰ স্থায়ী সমাধানৰ বিভিন্ন দিশৰ ওপৰত বিস্তৃত আলোচনা অনুষ্ঠিত হয়।
সভাৰ অন্তত অনুষ্ঠিত বিষয় বাচনি সভাত সৰ্বসন্মতিক্ৰমে ফিল’বাৰীৰ ৰাজেশ চাহুক সভাপতি আৰু কাকপথাৰৰ বিতু ডেকাক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰি তিনিচুকীয়া জিলা উন্নতি সভাৰ ৩৮ জনীয়া এখন নতুন সমিতি গঠন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *