...

অবৈধ দখলকাৰীৰ বিৰুদ্ধে জলসিঞ্চন বিভাগৰ কঠোৰ পদক্ষেপ

অবৈধ দখলকাৰীৰ বিৰুদ্ধে জলসিঞ্চন বিভাগৰ কঠোৰ পদক্ষেপ

৯টা পৰিয়ালক উচ্ছেদৰ জাননী

মানকাচৰ,৭ জুন:

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জলসিঞ্চন বিভাগৰ ভূমিত দীৰ্ঘদিন ধৰি অবৈধভাৱে বসবাস কৰি অহা ৯টা পৰিয়ালৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বিভাগীয় মাটি অবৈধভাৱে দখল কৰি থকাৰ অভিযোগত মানকাচৰৰ চান্দামাৰী অঞ্চলৰ উক্ত পৰিয়াল কেইটাক চৰকাৰীভাৱে উচ্ছেদৰ জাননী প্ৰদান কৰা হৈছে।
জানিব পৰা মতে, যোৱা ৪ জুনত জিলা জলসিঞ্চন বিভাগে এক চৰজমিন তদন্ত চলাইছিল। উক্ত তদন্তত চান্দামাৰীৰ নদীৰ পাৰ তথা জলসিঞ্চন বিভাগৰ ভূমিত অবৈধভাৱে ঘৰ আৰু দোকান নিৰ্মাণ কৰি বসবাস কৰি অহা ৯গৰাকী ব্যক্তিক চিনাক্ত কৰা হয়। তেওঁলোক ক্ৰমে ইনতাজ আলী, আব্দুল মান্নান, হানিফ আলী, নুৰ ইছলাম , হজৰত আলী, আনোৱাৰ হুছেইন, ছোৰহাব আলী,নুৰ ইছলাম আৰু হাসেম আলী।
বিভাগীয় কৰ্তৃপক্ষই জাননীখনৰ জৰিয়তে উক্ত ব্যক্তিসকলক অহা ১০ দিনৰ ভিতৰত স্ব-ইচ্ছাই নিজৰ ঘৰ আৰু সা-সামগ্ৰী আঁতৰাই মাটিখিনি খালী কৰি দিবলৈ কঠোৰ নিৰ্দেশ দিছে। উল্লেখ্য যে, এইসকল অবৈধ দখলকাৰীক ইয়াৰ পূৰ্বেও দুই-তিনিবাৰকৈ চৰকাৰীভাৱে জাননী প্ৰদান কৰা হৈছিল যদিও তেওঁলোকে গুৰুত্ব প্ৰদান কৰা নাছিল।
জাননীত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত মাটি খালী নকৰিলে জিলা প্ৰশাসনৰ সহযোগত যান্ত্ৰিক পদ্ধতিৰে উচ্ছেদ অভিযান চলাই মাটিখিনি দখলমুক্ত কৰা হ’ব।
আনহাতে, স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, এইসকল অবৈধ দখলকাৰী প্ৰকৃততে শালমাৰাৰ ভিতৰুৱা চৰাঞ্চলৰ পৰা আহি দীৰ্ঘদিন ধৰি চৰকাৰী ভূমিত অবৈধভাৱে নিজৰ অধিপত্য বিস্তাৰ কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *