ঈদৰ পূৰ্বে ডিব্ৰুগড়ত আৰক্ষীৰ বৃহৎ অভিযান
জব্দ ৭টা চোৰাং গৰু
চোৰাং গৰুৰ সৰবৰাহত কোন?
চাইন অন ডেস্ক,২৭মে’:
ঈদ উপলক্ষে কোৰবানি দিয়াৰ আশংকাৰ মাজতে ডিব্ৰুগড় আৰক্ষীয়ে এক বিশেষ অভিযানত জব্দ কৰে ৭টা চোৰাং গৰু। ডিব্ৰুগড় চহৰৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত মালিপট্টি অঞ্চলত সন্দেহজনকভাৱে গৰু মজুত কৰি ৰখাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে তৎপৰতা বৃদ্ধি কৰি অভিযান চলায়। জানিব পৰা মতে, ঈদৰ পূৰ্বে কোৰবানি দিয়াৰ উদ্দেশ্যে কিছুমান লোকে অঞ্চলটোত চোৰাংকৈ গৰুসমূহ লুকুৱাই ৰাখিছে বুলি আৰক্ষীয়ে গোপন সূত্ৰে তথ্য লাভ কৰিছিল। তথ্য লাভ কৰাৰ লগে লগে ডিব্ৰুগড় আৰক্ষীৰ এটা বিশেষ দলে 
