...

পানীৰ টেংকিত অকাল মৃত্যু দুজন শ্ৰমিকৰ!

পানীৰ টেংকিত অকাল মৃত্যু দুজন শ্ৰমিকৰ!

টেংকি পৰিল তিনি শ্ৰমিকৰ ওপৰত

চাইন অন ডেস্ক,২৬মে’:

ঈদৰ প্ৰাক মুহূৰ্তত বিলাসীপাৰাত সংঘটিত হয় মৰ্মান্তিক ঘটনা।ৰেল আস্থানৰ পানীৰ টেংকিৰ কাম কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে দুজন শ্ৰমিক।
আস্থানটোৰ আবাসিক সকলৰ খোৱাপানীৰ বাবে স্থাপনৰ কৰিবলৈ লৈছিল টেংকীটো।
নজন শ্ৰমিকে সু-উচ্চ টাৱাৰত টেংকিটো স্থাপন কৰিবলৈ লওঁতে সংঘটিত হয় দুৰ্ঘটনাটো।
টাৱাৰটোৰ পৰা টেংকি সৰি পৰে তিনি শ্ৰমিকৰ শৰীৰত।গাছপাৰাৰ ছিদ্দিক সেখ(৬০), হাতীপোতাৰ ছাইফুল ইছলাম(৪৩),শ্ৰমিক দুজন তিথাতে মৃত্যু বৰণ কৰে।ৰৌমাৰীৰ আবু বক্কৰ সেখ (২৭) আহতহৈ চিকিৎসাধীন হৈ আছে।
বাকী শ্ৰমিক সকলেও কম বেছি পৰিমানে আহত হৈছে বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাটো ঠিকাদাৰে শ্ৰমিক সকলৰ নিৰাপত্তা ব্যৱস্থা নৰখাৰ বাবেই সংঘটিত হোৱাৰ অভিযোগ উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *