...

ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰিছে ডিব্ৰুগড় সাপেখাটী পথৰ সংযোগী হৰেঘাট দলং

ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰিছে ডিব্ৰুগড় সাপেখাটী পথৰ সংযোগী হৰেঘাট দলং

চাইন অন ডেস্ক,২৭মে’:

ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং আৰু টিংখাং সমষ্টিৰ মাজত সংযোগ স্থাপন কৰা ডিব্ৰুগড় সাপেখাটী পথৰ অন্তৰ্গত হৰেঘাট দলং পথৰ জৰাজীৰ্ণ দুৰৱস্থাই পথেৰে চলাচল কৰাৰ ক্ষেত্ৰত জীয়াতু ভোগাইছে। উল্লেখ্য যে টিংখাং আৰু নৱগঠিত খোৱাং মাজত যাতায়াতৰ ব্যৱস্থাৰ সংযোগ স্থাপন কৰা ডিব্ৰুগড় সাপেখাটীৰ পথটো নতুন ভৰালী বাৰী প্ৰভাতী চাৰি আলিৰ পৰা জকাই হাহঁচৰালৈকে তথৈবচ হৈ আহিছে।হৰেঘাট দলং সংযোগী পথটোৰ ঠায়ে ঠায়ে ব্লেক টেপিং অংশ চকলা চকলে এৰাই গৈছে আৰু যাতায়তৰ অনুপযোগী হৈ পৰাত গাড়ী মটৰ চলাচলত বাধাৰ সৃষ্টি কৰিছে বুলি গাড়ী চালক সকলৰ মাজত চৰ্চিত হৈ পৰিছে । আনকি উক্ত ডিব্ৰুগড় সাপেখাটী পথৰ সংযোগী বুঢ়ীদিহিং নদীৰ ওপৰৰ হৰেঘাট দলং খনৰ দুয়ো কাষে ৰেলিংত বোকা বালিৰে ধূসৰিত হৈ পৰাৰ ফলত দলংখন বৰণহীন অৱস্থালৈ পৰ্যবসিত হৈ পৰিছে। আনহাতে তীব্ৰ বেগী গাড়ীৰ খুণ্ডাত হৰেঘাট দলংৰ ৰেলিংৰ দুঠাত খুটা ভাঙি বিপদাপন্ন কৰি আহিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।হৰেঘাট দলংৰ জকাই পাৰে দলংখনৰ নিচেই সমীপত দলং সংযোগী পথৰ দাঁতিত বৰষুণে খহনীয়াৰ সৃষ্টি কৰি আহিছে। ইয়াৰ উপৰিও হৰেঘাট দলং সংযোগী পথটো প্ৰভাতী চাৰি আলিৰ পৰা হৰেঘাট দলং পাৰ হৈ জকাই হাহঁচৰালৈকে তথৈবচ তথা অতিশয় জৰাজীৰ্ণ ৰূপলৈ পৰ্যবসিত হৈ পৰিছে। বিশেষকৈ হৰেঘাট দলং খন দুয়োফালে ৰেলিংৰ কাষত বালি, পলস কঢ়িওৱা গাড়ীৰ পৰা পৰি যোৱাৰ ফলত জমা হৈ গাড়ী চলোৱাৰৰ উপৰিও চাইকেল আৰোহী তথা পদাচাৰীৰ বাবেও সমস্যাৰ সম্মুখীন হ’ব লগীয়া হৈছে। তীব্ৰ বেগেৰে যোৱা বালি পলসৰ গাড়ীৰ পৰা ওলোৱা ধূলিৰ বাবে অঞ্চলটোত ৰ’দৰ বতৰত প্ৰদূষণৰ সৃষ্টি কৰি আহিছে বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে। তীব্ৰ বেগেৰে অহা-যোৱা কৰা গাড়ী মটৰ আদি চলাচল কৰোতে বোকা পানী চিটিকি পৰাৰ কাৰণেই হৰেঘাট দলং খন বৰণহীন হৈ পৰিছে। হয়তো দলংখন স্থাপন কালৰ উদ্ধোধনৰ আগতেই ৰং তেল সানিছিল যদিও বৰ্তমান হৰেঘাট দলং খনক অৱহেলা আৰু মাহী আইৰ দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে। ঠিক সেইদৰে দলং সংযোগী পথটো দিনক দিনে জৰাজীৰ্ণ হৈ পৰিছে কিন্তু বিভাগীয় কতৃপক্ষই উন্নয়নৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা নাই বুলি স্থানীয় লোকসকলে অভিযোগ উত্থাপিত কৰিছে। ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং আৰু টিংখাং সমষ্টিৰ অন্তৰ্গত লেঙেৰীৰ হৰেঘাটৰ বুঢ়ীদিহিং নদীৰ ওপৰৰ দলং আৰু পথৰ উন্নয়নৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে ডিব্ৰুগড় জিলাৰ আয়ুক্তৰ প্ৰতি দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *