বৰবাৰী ৰে’লৱে কলনীত চুৰিকাণ্ড
লোকনাথ বাবা আৰু কালী মন্দিৰত চোৰৰ চাফাই অভিযান
চিচিটিভি কেমেৰাত বন্দী সমগ্ৰ দৃশ্য
চাইন অন ডেস্ক,২৩মে’:
বৰবাৰী ৰে’লৱে কলনী অঞ্চলত সংঘটিত ধাৰাবাহিক চুৰিকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অঞ্চলটোত থকা লোকনাথ বাবা মন্দিৰ আৰু কালী মন্দিৰক লক্ষ্য কৰি চলিল চোৰৰ চাফাই অভিযান। চাইকেলত অহা দুজনীয়া চোৰৰ এটা দলে মন্দিৰ দুটাৰ পৰা পিতলৰ সা-সামগ্ৰী, আসন আৰু দান বাকচৰ নগদ ধন লুটি লৈ যায়। এই সমগ্ৰ চুৰি কাৰ্যৰ দৃশ্য ইতিমধ্যে চিচিটিভি কেমেৰাত বন্দী হৈছে। প্ৰাপ্ত তথ্য মতে, চোৰৰ দলটোৱে কালী মন্দিৰৰ পৰা বহু পৰিমাণৰ পিতলৰ সা-
সামগ্ৰী আৰু নগদ ধন চুৰি কৰাৰ লগতে লোকনাথ বাবা মন্দিৰৰ পৰাও পিতলৰ আসন আৰু দান বাকচ লুটি নিয়ে। চিচিটিভিৰ দৃশ্যত চোৰ কেইজনে মুখত কাপোৰ বান্ধি চাইকেলত অহা প্ৰত্যক্ষ কৰা হৈছে। ঘটনা সন্দৰ্ভত এগৰাকী স্থানীয় ভক্তই সংবাদ মাধ্যমৰ আগত জানিবলৈ দি কয়, মই পুৱা প্ৰায় ৯ বজাত পূজা কৰিবলৈ আহিছিলোঁ। আহি দেখোঁ যে মন্দিৰত থকা আমাৰ আৱশ্যকীয় সা-সামগ্ৰীসমূহৰ এটাও নাই। সকলোতকৈ ডাঙৰ কথা, আমাৰ মূল ঘৰটো (মন্দিৰৰ ঘৰ) চোৰে উঠাই লৈ গৈছে। ইয়াৰ উপৰিও দুটা প্ৰদীপ জ্বলোৱা ষ্টেণ্ডৰ এটা লৈ গ’ল আৰু এটা এৰি থৈ গ’ল। প্ৰায় ২০-২৫ হাজাৰ টকাৰ সামগ্ৰী চুৰি হৈছে। অৱশ্যে মাৰ কিছুমান ৰূপৰ গহনা আছিল, সেইবোৰ চোৰে লৈ যাব নোৱাৰিলে।তেওঁ আৰক্ষীৰ ভূমিকাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি আৰু কয়— ওচৰৰে লোকনাথ বাবা মন্দিৰতো চুৰি হৈছে। তাৰ চিচিটিভি কেমেৰাত চোৰৰ দৃশ্য উঠিছে। মানুহৰ মুখত শুনিলো যে চোৰ কেইটা মুখ বান্ধি চাইকেলত আহিছিল। মই দিনৰ ১:৩০ বজালৈকে ইয়াতে ৰৈ আছিলোঁ, কিন্তু তেতিয়ালৈকে আৰক্ষীৰ কোনো লোক ঘটনাস্থলীত উপস্থিত হোৱা নাছিল।” আনহাতে, মন্দিৰৰ তত্ত্বাৱধায়ক মহিলাগৰাকীয়ে ঘটনাটো প্ৰথম প্ৰত্যক্ষ কৰাৰ মুহূৰ্ত বৰ্ণনা কৰি কয়— “মই আহি তলাটো খুলিছিলোঁ। তলা খুলি ভিতৰত সোমাই দেখোঁ যে গোটেই মজিয়াত পানী ঢালি থৈছে। মন্দিৰৰ বাচন-বৰ্তন এটাও নাই, সকলো লৈ গ’ল। দুটা চাকি আছিল, তাৰে এটাও লৈ গ’ল। তলাটো বাহিৰৰ পৰা বন্ধই আছিল, কিন্তু বেৰৰ ফাকেৰে চোৰে ভিতৰত প্ৰৱেশ কৰি এই কাণ্ড সংঘটিত কৰিলে।” ধৰ্মীয় স্থানত সংঘটিত এনে ধাৰাবাহিক চুৰিকাণ্ডই এতিয়া সমগ্ৰ বৰবাৰী ৰে’লৱে কলনী অঞ্চলৰ ৰাইজৰ মাজত তীব্ৰ ক্ষোভ আৰু নিৰাপত্তাহীনতাৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে আৰক্ষীক চিচিটিভি ফুটেজৰ আধাৰত চোৰক অতি শীঘ্ৰে কৰায়ত্ত কৰিবলৈ দাবী জনাইছে।