...

ধুবুৰীত বৃহৎ পৰিমাণৰ গো-মাংসসহ ধৃত-২

ধুবুৰীত বৃহৎ পৰিমাণৰ গো-মাংসসহ ধৃত-২

 

চাইন অন ডেস্ক,২৩মে’:

আগন্তুক ঈদ-উল আজহাত গৰুৰ কুৰ্বানি দিয়াৰ পৰা বিৰত থাকিবলৈ ধুবুৰী জিলা মাৰ্কাজ কমিটি আৰু ঈদগাহ কমিটিয়ে আহ্বান জনোৱাৰ পিছতো যোৱানিশা ধুবুৰীৰ আই.জি ৰোড অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ গো-মাংস সহ দুজন

লোকক আৰক্ষীয়ে কৰায়ত্ত কৰা বুলি জানিব পৰা গৈছে। ধুবুৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশীষ বৰাই সদৰি কৰানুসৰি প্ৰায় ৯০ কেজি গো-মাংস সহ কৰায়ত্ত কৰা হৈছে দুয়োকে। ধৃতদ্বয় ধুবুৰী চহৰৰ ১৪ নং ৱাৰ্ড মুক্তাৰ আলী আৰু সাহিল আলী বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *