...

বিহুৱতী তথা নাগাৰা নামৰ জনপ্ৰিয় পাঠিকা নিশামণি হালৈৰ আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

বিহুৱতী তথা নাগাৰা নামৰ জনপ্ৰিয় পাঠিকা নিশামণি হালৈৰ আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

গোৰেশ্বৰ,১০মে’:

যোৱা ২৪ এপ্ৰিলৰ নিশা তামুলপুৰৰ নোৱাখাটত ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱা প্ৰতিভাশালী বিহুৱতী তথা নাগাৰা নামৰ জনপ্ৰিয় পাঠিকা নিশামণি হালৈৰ আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।গোৰেশ্বৰৰ সমীপবৰ্তী নাওকাটা অঞ্চলৰ নিজঝাৰগাৱৰ শিৱ মন্দিৰ প্ৰাংগণত ৰাইজৰ সহযোগত অনুষ্ঠিত হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।পুৱা বন্তি প্ৰজ্বলন, সৰ্বধৰ্ম প্ৰাৰ্থনা, স্মৃতিচাৰণ সভা, স্মৃতি গ্ৰন্থ উন্মোচন, নিশামনি হালৈৰ নামত পথ নিৰ্মাণ কাৰ্যৰ শুভ উদ্বোধন,নাগৰা নাম প্ৰদৰ্শন আদি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।পথ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা মুকলি কৰাৰ লগতে নিশামণি হালৈৰ পৰিয়ালক আৰ্থিক সাহাৰ্যও প্ৰদান কৰে বিটিচিৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে । আনহাতে নিশামণি হালৈয়ে বিহু নৃত্য পৰিবেশন কৰা নলবাৰী হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু দলৰ সদস্যসকলেও প্ৰয়াত বিহুৱতীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শিল্পী, কলা- কুশলীৰ সাহাৰ্যাৰ্থে নিশামণি হালৈৰ নামত এটা ট্ৰাষ্ট খোলাৰ কথা ঘোষণা কৰে। অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী দাসকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুসংখ্যক লোক উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *