চাইন অন ডেস্ক, ৯মেঃ অৱশেষত গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিলে ড৹ প্ৰতিভা পাটোৱাৰীয়ে। দীৰ্ঘদিন ধৰি চলা আইনী যুঁজত জয়ী ড০ প্ৰতিভা পাটোৱাৰী।
পিতৃ তথা গোৰেশ্বৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শৰৎ চন্দ্ৰ পাটোৱাৰীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনৰে সেৱা জনাই অধ্যক্ষৰ দায়িত্বত যোগদান ড০ প্ৰতিভা পাটোৱাৰীৰ।
প্ৰায় আঢ়ৈ বছৰ ধৰি গুৱাহাটী উচ্চ ন্যায়লত বিচাৰধীন হৈ আছিল গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ আসনখন।
কালি বি টি চি শিক্ষা বিভাগৰ নিৰ্দেশ মৰ্মে ড০ প্ৰতিভা পাটোৱাৰীয়ে অধ্যক্ষ হিচাপে যোগদান কৰে মহাবিদ্যালয়খনত।
দল সংগঠন তথা বিভিন্ন ৰাইজে গামোচা আৰনাইৰে জনায় উস্ম আদৰনি।