বাঘবৰৰ গোবিন্দপুৰত বিদ্যুৎ স্পৃষ্ট হৈ যুৱকৰ মৃত্যু
সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ
বাঘবৰ:
বৰপেটা জিলাৰ বাঘবৰ আৰক্ষী থানাৰ অন্তৰ্গত গোবিন্দপুৰ গাঁৱৰ ছানিদুল ইছলাম(১৮ )ৰ বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হোৱাত বৃহত্তৰ অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। উল্লেখ্য যে ঘৰৰ ওচৰত থকা উন্মুক্ত হৈ থকা ট্ৰেন্সফৰ্মাৰ তাঁৰ সংযোগ দিবলৈ গৈ ১১০০ হাজাৰ ভল্টেজ পৰিবাহী তাঁৰ স্পষ্ট হোৱাত যুৱকজন অচেতন হৈ পৰে । অভিযোগ অনুসৰি বৰপেটা বিদ্যুৎ সংমণ্ডল অধীনস্থ উক্ত গাঁৱত বিগত ৪ দিনে বিদ্যুৎ নথকাত বিদ্যুৎ চোৱা চিতাৰ দায়িত্ব থকা জৈনক হক নামৰ লোকক ফোন কৰাত যুৱক জনক ট্ৰেছফৰ্মাত তাঁৰ সংযোগ দিবলৈ পৰামৰ্শ দিয়ে। পিছত যুৱকজনে বিদ্যুৎ সংযোগ দিবলৈ গৈ বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যুক আকোৱালি লয়। অৱশ্যে পৰবৰ্তী সময়ত চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে। পৰবৰ্তী সময়ত বৰপেটা মেডিকেল কলেজ হস্পিতালত যুৱকজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়। সম্প্ৰতি উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।