...

ঘিলামৰাৰ কান্ত খনিকৰ হাইস্কুলত বঁটা প্ৰদান অনুষ্ঠান

Spread the love

ঘিলামৰাৰ কান্ত খনিকৰ হাইস্কুলত বঁটা প্ৰদান অনুষ্ঠান

মেধাৱী ছাত্ৰ তণদ্বীপ ভৰালীলৈ পদ্মাৱতী সূত সোঁৱৰণী মেধাৱী সন্মান ২০২৬

ঢকুৱাখনা:

মেধাবী ছাত্ৰ-ছাত্ৰীক উৎসাহ প্ৰদান আৰু
ঘিলামৰা শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি গঠন হোৱা “চেনীৰাম সূত- পদ্মাৱতী সূত স্মাৰক ন্যাস”ৰ সৌজন্যত আজি ঘিলামৰাৰ কান্ত খনিকৰ হাইস্কুলত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হয় পদ্মাৱতী সূত সোঁৱৰণী মেধাৱী সন্মান ২০২৬। কান্ত খনিকৰ হাইস্কুলৰ প্ৰধান শিক্ষক ভাস্কৰজিত চেতিয়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত ঘিলামৰা শিক্ষা খণ্ডৰ ভিতৰত ২০২৬ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা তণদ্বীপ ভৰালীক পদ্মাৱতী সূত সোঁৱৰণী মেধাৱী সন্মান ২০২৬ প্ৰদান কৰে।ন্যাসৰ অন‌্যতম সদস্য প্ৰয়াত পদ্মাৱতী সূতৰ কণ্যা তথা মৰাণ মহাবিদ্যালয়ৰ অধ্যাপিকা ড° ৰিঞ্জুমণি হাজৰিকাই আঁতধৰা অনষ্ঠানত ঘিলামৰা শিক্ষা খণ্ডৰ ভিতৰত ৯০.৫ শতাংশ নম্বৰেৰে শীৰ্ষ স্থান অধিকাৰ কৰা তণদ্বীপ ভৰালীক পদ্মাৱতী সূত সোঁৱৰণী মেধাৱী সন্মান ২০২৬ প্ৰদান কৰা হয়।ন্যাসৰ হৈ মেধাৱী ছাত্ৰজনক ফুলাম গামোছা, ফুলৰ থোপা,
অভিনন্দন পত্র আৰু নগদ দহ হেজাৰ টকা আগবঢ়োৱাৰ লগতে একেখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংছনসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আনগৰাকী ছাত্ৰী বিপাশা গগৈ আৰু মাতৃ সুলেখা হাজৰিকাকো ন্যাসৰ হৈ সম্বৰ্দ্ধনা জনোৱা হয়।পিতৃ-মাতৃৰ সোঁৱৰণত আগবঢ়োৱা বঁটা প্ৰদান অনুষ্ঠানত ন্যাসৰ পাচঁগৰাকী সদস্যা ক্ৰমে কান্ত খনিকৰ হাইস্কুলত কৰ্মৰত শিক্ষয়িত্ৰী কবি,লেখিকা দীপামণি হাজৰিকা, মৰাণ মহাবিদ্যালয়ৰ অধ্যাপিকা সুলেখিকা ড°ৰিঞ্জুমণি হাজৰিকা, ঢকুৱাখনা বালিকা মজলীয়া অভ্যাসন বিদ্যালয়ৰ শিক্ষয়িত্ৰী পাম্পু হাজৰিকা, ৰেগাম মহাবিদ্যালয়ৰ অধ্যাপিকা চুমী হাজৰিকা আৰু উজনি ফুকন গাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী লাকী হাজৰিকা উপস্থিত থাকে। আনহাতে অনুষ্ঠানৰ প্ৰাৰম্ভনিতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিৰণ্য হাজৰিকা, ঘিলামৰা গাঁও পঞ্চায়তৰ সভাপতি মোহন হাজৰিকা, বঁটা প্রাপ্ৰক ছাত্ৰজন পিতৃ – মাতৃ দ্বিপেন ভৰালী আৰু মুনমী গগৈক ন্যাসৰ হৈ সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানত কান্ত খনিকৰ হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।উল্লেখ্য যে
মেধাবী ছাত্ৰ-ছাত্ৰীক উৎসাহ প্ৰদান আৰু ঘিলামৰাৰ শৈক্ষিক ক্ষেত্ৰখনৰ পৰিৱেশ উন্নত কৰাৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে প্ৰদান কৰা এই শৈক্ষিক বঁটা প্ৰতি বছৰে প্ৰদান কৰা হ’ব বুলি ন্যাসৰ তৰফৰ পৰা জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *