...

আজি পৰ্যন্ত মেৰামতি নহ’ল !

Spread the love

আজি পৰ্যন্ত মেৰামতি নহ’ল !

জকাই ভূৰ ভূৰী গাঁৱৰ বুঢ়ীদিহিং মথাউৰি

অনিহাক লৈ ৰাইজৰ প্ৰশ্ন কিয় ?

চাইন অন ডেস্ক:

ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ ডিব্ৰুগড় জিলাৰ জলসম্পদ বিভাগৰ অধীনৰ জকাই ভূৰ ভূৰী গাঁৱৰ বুঢ়ীদিহিং নদীৰ মথাউৰিটো মেৰামতিকৰণ কৰাৰ পদক্ষেপ আজি পৰ্যন্ত গ্ৰহণ নকৰাৰ অভিযোগ গাওঁবাসীৰ। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ জলসম্পদ বিভাগৰ বুঢ়ীদিহিং মথাউৰিটো ভূৰ ভূৰী গাঁৱৰ পৰা জকাই শৰাইঘাট চাৰিআলি লৈকে মেৰামতি কৰণ কথা প্ৰায় কেইবাবছৰ ধৰি চৰ্চা চলি আহিছে যদিও আজিপৰ্যন্ত মেৰামতি কৰণৰ ক্ষেত্ৰত বাস্তৱিক পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে জকাই ভূৰ ভূৰী গাঁৱৰ বুঢ়ীদিহিং মথাউৰিটো মেৰামতি নকৰাৰ ফলত ওখ চাপৰ হৈ আহিছে আৰু মথাউৰি ওপৰেৰে অহা-যোৱা কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে। ডিব্ৰুগড় জিলাৰ জকাই ২নং ভূৰ ভূৰী গাঁৱৰ মথাউৰিটোৱেই একমাত্ৰ যাতায়াতৰ পথ হিচাপে বিবেচিত হৈ আহিছে কিন্তু মথাউৰিটো অতিশয় তথৈবচ দুৰৱস্থাই গাওঁবাসীক অতিষ্ঠ কৰি তুলিছে।বৰষুণ দিলেই বোকাময় হৈ পৰা ভূৰ ভূৰী গাঁৱৰ বুঢ়ীদিহিং মথাউৰিটো ইতিমধ্যে ৰাইজে নিজৰ পৰিশ্ৰমেৰে মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি আহিছে।প্ৰতি বছৰেই জকাই ভূৰ ভূৰী গাঁৱৰ বুঢ়ীদিহিং মথাউৰিটো মেৰামতি কৰাৰ কথা চৰ্চিত হৈ আহিছে যদিও আজিপৰ্যন্ত মেৰামতি কৰণৰ ক্ষেত্ৰত বাস্তৱিক পদক্ষেপ গ্ৰহণ কৰা নাই বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।কি কাৰণে জকাই ভূৰ ভূৰী গাঁৱলৈ জকাই শৰাইঘাট চাৰি আলিৰ পৰা বুঢ়ীদিহিং মথাউৰিটো এই বছৰো মেৰামতি কৰা নহ’ল বুলি গাওঁ বাসীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে জকাই ২নং ভূৰ ভূৰী গাঁৱৰ ৰাইজে বিগত ১৯৯৮-৯৯চনৰ পৰাই বুঢ়ীদিহিং মথাউৰিটো মেৰামতিৰ সন্দৰ্ভত বিগত সময়ত বিভাগীয় কতৃপক্ষক পদক্ষেপ গ্ৰহণ কৰিবলৈ আবেদন নিবেদন জনাই আহিছে যদিও আজিলৈকে কোনো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নহ’ল বুলিও ৰাইজে আক্ষেপ ব্যক্ত কৰিছে। আগন্তুক বাৰিষাৰ আগতে জকাই ভূৰ ভূৰী গাঁৱৰ বুঢ়ীদিহিং মথাউৰিটো মেৰামতি কৰাৰ পদক্ষেপ গ্ৰহণ নকৰিলে যাতায়তৰ ক্ষেত্ৰত ৰাইজে জ্বালা যান্ত্ৰনা ভূগিব লাগিব বুলি ৰাইজে গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *