...

খোৱাঙত নিৰ্বাচনী হিংসা

Spread the love

খোৱাঙত নিৰ্বাচনী হিংসা

লুৰীণজ্যোতি গগৈৰ বাহনত আক্ৰমণ বিজেপি কৰ্মীৰ

তিনি অজাপ নেতা আহত

চাইন অন ডেস্ক:

বিধানসভা নিৰ্বাচনৰ দিনাই খোৱাঙত সংঘটিত হৈছে নিৰ্বাচনী হিংসা। খোৱাং সমষ্টিৰ অজাপৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ লক্ষ্য কৰি বিজেপিয়ে বাহনত আক্ৰমণ কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ কুটুহাস্থিত বাসগৃহৰ সমীপতে লুৰীণজ্যোতি গগৈৰ এ এছ ০৬ আৰ ৪৭৭৪ নম্বৰৰ বলেৰো বাহনখন ভাঙি লণ্ডভণ্ড কৰে চক্ৰধৰ গগৈ বাহিনীয়ে‌। ফলত বাহনখনত থকা অসম যুৱ শক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক স্বাক্ষৰজ্যোতি বুঢ়াগোহাঁই, সমুদ্ৰ বৰুৱা, চিত্তকমল সন্দিকৈ আহত হৈছে। ইয়াৰে সমুদ্ৰ বৰুৱা গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। উত্থাপিত অভিযোগ অনুসৰি, আজি ভোটগ্ৰহণৰ মাজতে চক্ৰধৰ গগৈৰ বাসগৃহৰ সমীপতৰ এটা পৰিত্যক্ত গৃহত সন্দেহজনক লোকে কম্পিউটাৰ আৰু প্ৰিন্টাৰ মেচিন লৈ কাম কৰি থকা প্ৰত্যক্ষ কৰে। অজাপৰ কৰ্মীসকলে ঘৰটোত প্ৰৱেশ কৰি বহিৰাজ্যৰ হিন্দীভাষী লোককেইজনক সোধপোচ কৰে। ইয়াকে লৈ বিজেপি কৰ্মীসকলে অজাপ কৰ্মীসকলক আগভেটি ধৰে। ইফালে ঘটনাস্থলী ত্যাগ কৰি যাবলৈ লোৱাৰ সময়তে চক্ৰধৰ গগৈ বাহিনীয়ে অজাপৰ নেতা-কৰ্মীৰ দলটোক মাৰপিট কৰাৰ লগতে লুৰীণজ্যোতি গগৈক লক্ষ্য কৰি আক্ৰমণ কৰিবলৈ উদ্যত হয়‌। ইয়াৰ পাছতে লুৰীণজ্যোতি গগৈৰ কনভয়ত যোৱা অজাপ নেতাৰ বাহন ভাঙি লণ্ড কৰাৰ উপৰি অজাপ নেতাক শাৰিৰীক আক্ৰমণেৰে আঘাতপ্ৰাপ্ত কৰে। ইয়াকে কেন্দ্ৰ কৰি অজাপ কৰ্মীসকল ৰাজপথলৈ ওলাই আহি এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে। ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষীৰ দল উপস্থিত হৈ পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনা সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে নিৰ্বাচন আয়োগ আৰু জিলা ৰিটাৰ্নিং বিষয়াক অৱগত কৰে। উল্লেখযোগ্য যে, কালি নিশাৰ ভাগত বিজেপি কৰ্মীক শাৰিৰীকভাৱে আক্ৰমণ কৰিছিল চক্ৰধৰ গগৈৰ ভাতৃয়ে। বিজেপি প্ৰাৰ্থীগৰাকীৰ ভাতৃয়ে জিলা বিজেপিৰ সাধাৰণ সম্পাদক দুলাল গগৈক কৰা আক্ৰমণৰ ঘটনাক লৈ চলি থকা চৰ্চাৰ মাজতে আজি অজাপ কৰ্মীসকলক চক্ৰধৰ গগৈ বাহিনীয়ে চলোৱা আক্ৰমণৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিষয়টোৰ সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এই ঘটনাটোৱে প্ৰমাণ কৰে যে চক্ৰধৰ গগৈৰ পৰাস্ত হোৱাৰ অন্য এক হতাশা। কালি তেওঁলোক নিজৰ মাজতে কাজিয়া কৰিছিল। পোনপটীয়াকৈ জিকিব নোৱাৰিম বুলি ভাবিয়েই গুণ্ডাগিৰী, মাৰপিট চলাইছে। জনগণৰ লগত পোনপটীয়াকৈ জিকিব নোৱাৰিম বুলিয়েই এনেধৰণৰ ঘটনাৰ আশ্ৰয় লৈছে। এটা পৰিত্যক্ত ঘৰ এটাত লেপটপ লৈ বহিৰাজ্যৰ মানুহে কাম কৰি থকাৰ কথাটো ভোট চুৰিৰো হ’ব পাৰে। অসৎ পন্থাৰে নিৰ্বাচন জিকাৰ এক অভিসন্ধি।

Leave a Reply

Your email address will not be published. Required fields are marked *