বিত্তীয় প্ৰতিষ্ঠান শ্ৰীৰাম ফাইনেন্সৰ জালিয়াতি
গ্ৰাহকৰ নথিপত্ৰ অপব্যৱহাৰ কৰি অন্য বেংকত ঋণ অনুমোদন
এই গুৰুতৰ অভিযোগ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ
চাইন অন ডেস্ক,৯ছেপ্তেম্বৰঃ
ৰাজ্যৰ একাংশ বিত্তীয় প্ৰতিষ্ঠানে গ্ৰাহকক ঋণ প্ৰদানৰ নামত বিভিন্ন আভুৱা ভৰা কথাটো নতুন নহয়।তেনে এক বিত্তীয় প্ৰতিষ্ঠান শ্ৰীৰাম ফাইনেন্সকে ধৰি একাংশ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে গ্ৰাহকৰ ব্যক্তিগত তথ্য আৰু নথিপত্ৰ অপব্যৱহাৰ কৰি তেওঁলোকৰ অজ্ঞাতে আন বেংকত ঋণ অনুমোদন কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ডিব্ৰুগড় ছাত্ৰ সন্থাই। আজি ডিব্ৰুগড় শ্বহীদ ন্যাসত এক সংবাদমেল অনুষ্ঠিত কৰি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই এই বিত্তীয় কেলেংকাৰিৰ কথা সৱিস্তাৰে প্ৰকাশ কৰে। সংবাদমেলত সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সভাপতি চান্দম সোনোৱালে সদৰী কৰা মতে, শ্ৰীৰাম ফাইনেন্সত ঋণ লোৱা একাংশ গ্ৰাহকে যেতিয়া অন্য কোনো বেংকত নতুন ঋণৰ বাবে আবেদন কৰি নিজৰ চিবিল স্ক’ৰ পৰীক্ষা কৰে, তেতিয়া তেওঁলোকৰ নামত আন প্ৰতিষ্ঠানতো হাজাৰ হাজাৰ বা লাখ লাখ টকাৰ ঋণ চলি থকা কথা পোহৰলৈ আহে। আনকি কাৰোবাৰ নামত ২৫-২৬ লাখ টকা পৰ্যন্ত বাণিজ্যিক লোন থকাৰো প্ৰমাণ লাভ কৰিছে৷ ফলত প্ৰকৃততে ঋণ পাবলগীয়া গ্ৰাহকসকলে বেংকৰ পৰا ‘আপোনাৰ ইতিমধ্যে লোন চলি আছে’ বুলি কৈ ঋণ লাভ কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। এই সমস্যাটো কেৱল
ডিব্ৰুগড়তে সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ সমগ্ৰ ৰাজ্যতে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমূহে গ্ৰাহকৰ তথ্য অন্য প্ৰতিষ্ঠানলৈ প্ৰদান কৰি এই অবৈধ কাৰ্যকলাপ চলাই থকা বুলি ছাত্ৰ সন্থাই অভিযোগ কৰে। ডিব্ৰুগড়ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলে নিজৰ চিবিল স্ক’ৰ পৰীক্ষা কৰিবলৈ বাধ্য হৈছে। সংবাদমেলত প্ৰকাশ কৰামতে, ভুক্তভোগী কেইজনমান ব্যক্তিয়ে এই সন্দৰ্ভত প্ৰশাসনৰ কাষ চাপিছিল যদিও প্ৰশাসনে জনাইছে যে গ্ৰাহকৰ কোনো পোনপটীয়া বিত্তীয় লোকচান হোৱা নাই, কিয়নো লোনসমূহ পৰিশোধ কৰি থকা দেখুওৱা হৈছে। ইফালে, বেংক প্ৰতিষ্ঠানসমূহে এই সমগ্ৰ বিষয়টোক কেৱল এক ‘টেকনিকেল ফল্ট’ বা যান্ত্ৰিক ত্ৰুটি বুলি কৈ দায় সাৰিব বিচাৰিছে। কিন্তু ২০২৩ চনৰ পৰা চলি থকা বুলি কোৱা এই ত্ৰুটি ইমানবোৰ গ্ৰাহকৰ ক্ষেত্ৰত একেৰাহে ঘটি থকাটো অতিশয় পৰিতাপৰ বিষয় বুলি ছাত্ৰ সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় ছাত্ৰ সন্থাই সমগ্ৰ ৰাইজ তথা গ্ৰাহকসকলক অতিশয় সজাগ হ’বলৈ আহ্বান জনাইছে। যি সকলে এতিয়ালৈকে নিজৰ চিবিল স্ক’ৰ পৰীক্ষা কৰা নাই, তেওঁলোকক স্মল ফাইনেন্স বেংক বা প্ৰাইভেট চেক্টৰৰ বেংকসমূহত গৈ নিজৰ নথিপত্ৰ আৰু ঋণৰ স্থিতি শীঘ্ৰে পৰীক্ষা কৰিবলৈ সংবাদমেলৰ জৰিয়তে অনুৰোধ জনাইছে৷