ভ্ৰাতৃত্ববোধ- সমন্বয়-সম্প্ৰীতিৰ বাণী বিলাই শান্তিপূৰ্ণভাৱে ঈদুল ফিতৰ উদযাপন
অনুষ্ঠান- প্ৰতিষ্ঠানৰ শুভেচ্ছা
চাইন অন ডেস্ক:
ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড়তো আজি পৱিত্ৰ “ঈদুল ফিতৰ” উৎসৱ পালন কৰা হয়। ইছলামধৰ্মী লোকসকলে সম্পূৰ্ণ এমাহ ৰোজাব্ৰত পালন কৰাৰ পাছত পৰম্পৰাগত ভাৱে ঈদ উৎসৱ উদযাপন কৰে। ডিব্ৰুগড়ৰ “কেন্দ্ৰীয় ঈদগাহ”ত প্ৰায় দহ হাজাৰ লোকে

ঈদ উপলক্ষে বিভিন্ন জনে শুভেচ্ছা বাণী পঠিয়াইছে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্ৰ, ডিব্ৰুগড়ৰ জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনৰ সভাপতি ডাঃ চাজিদ আহমেদ, সম্পাদক নাচিৰ চুলতান, চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সভাপতি চেহিৰ আহমদ, ভাৰপ্ৰাপ্ত সম্পাদক আব্দুল চাজিদ , ডিব্ৰুগড় ঈদগাহ সমিতিৰ সভাপতি আমানউল্লা আনচাৰি, সম্পাদক চৌকত আলি, ডিব্ৰুগড় জিলা হিলাল কমিটিৰ সভাপতি মৌলানা আইনান জুবেৰী, সম্পাদক নাচিমুল গণি, ডিব্ৰুগড় ইমাম পৰিষদৰ সভাপতি মৌলানা ছবিৰ আহমেদ, সম্পাদক মৌলানা আতিকুৰ ৰহমান কাচিমী, আমোল “আলহজ জালাল উদ্দিন আহমেদ ঈদগাহ” কমিটিৰ সভাপতি ছবিৰ আহমেদ, সম্পাদক জাৱেদ ৰহমান, থলগিৰি মুছলিম জাতীয় ঐক্য পৰিষদৰ সভাপতি ইমৰান হুছেইন, সম্পাদক আবুলেছ হুছেইন,ডিব্ৰুগড় দাৰুল হাদিছ মাদ্ৰাছাতুল বানাত ছোৱালী মাদ্ৰাছাৰ সভাপতি মনিৰউদ্দিন আহমেদ,সম্পাদক আৰিফ উদ্দিন আহমেদ আদি বিভিন্নজনৰ লগতে ভিন ভিন অনুষ্ঠান- প্ৰতিষ্ঠানে সমূহ ৰাইজলৈ ঈদৰ শুভেচ্ছা জনাইছে।