...

ভূপেন হাজৰিকাৰ গ্ৰন্থ বিকৃত প্ৰকাশত জৰিত বিশিষ্ট ব্যক্তি -সাহিত্যিকৰ নাম প্ৰকাশ

Spread the love

ভূপেন হাজৰিকাৰ গ্ৰন্থ বিকৃত প্ৰকাশত জৰিত বিশিষ্ট ব্যক্তি -সাহিত্যিকৰ নাম প্ৰকাশ

 

৪ কোটি ৬ লাখ টকাৰে ভূপেন হাজৰিকাক বিকৃত কৰি চৰকাৰে প্ৰকাশ কৰা গ্ৰন্থ বাজেয়াপ্ত দাবী

 

চাইন অন ডেস্ক:

অসম চৰকাৰৰ দ্বাৰা সদ্য প্ৰকাশিত ভূপেন হাজৰিকা সম্পৰ্কীয় অনুৰাধা শৰ্মা পূজাৰীৰ ৰচনাৰ “ভাৰত ৰত্ন ভূপেন হাজৰিকা: গীতৰ চিত্ৰকৰ সুৰৰ ভাস্কৰ” শীৰ্ষক জীৱন ভিত্তিক গ্ৰন্থখন যে বাৰে পাছি ভুলেৰে ভৰা, সেই অভিযোগ ইতিমধ্যে অসমৰ প্ৰায়বোৰ সংবাদ মাধ্যমৰ যোগে প্ৰকাশ হৈ গৈছে। ৰাজহুৱা ভাবে সেই অভিযোগ উত্থাপন কৰিছিল জ্যেষ্ঠ সাংবাদিক তথা লেখক শৰৎ চন্দ্ৰ নেওগে। সংবাদ মাধ্যমৰ যোগে উত্থাপিত উক্ত অভিযোগৰ তথ্য সদৰি কৰাৰ লগতে নেওগে উল্লেখ কৰিছিল যে, তেখেতে এই সম্পৰ্কত দুখন পত্ৰ প্ৰেৰণ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰকাশক সংস্থা অসম প্ৰকাশন পৰিষদলৈ। বাৰে পাছি ভুলেৰে ভৰা গ্ৰন্থখন বিতৰণ হোৱাৰ পূৰ্বেই তাৎক্ষণিক ভাৱে বাজেয়াপ্ত কৰিবলৈ মুখ্যমন্ত্ৰীলৈ এখন জৰুৰী অভিযোগ পত্ৰ প্ৰেৰণ কৰাৰ লগতে প্ৰকাশক অসম প্ৰকাশন পৰিষদলৈ সংশ্লিষ্ট কেইটামান তথ্য বিচাৰি তথ্য জনাৰ অধিকাৰ আইনৰ যোগে আন এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল। উল্লেখযোগ্য যে, ভূপেন হাজৰিকাৰ দৰে বিশ্ববিশ্ৰুত এগৰাকী মহান গণশিল্পীৰ জীৱন উল্লেখ সম্বলিত গ্ৰন্থখনৰ যোগে মহান শিল্পীগৰাকীক বিকৃত ভাবে দাঙি ধৰাৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয়ত মুখ্যমন্ত্ৰী এতিয়ালৈকে মৌন হৈ থকাৰ বিপৰীতে অসম প্ৰকাশন পৰিষদে আবেদনকাৰী নেওগলৈ বিচৰা তথ্যকেইটা যোগান ধৰি ইতিমধ্যে এখন পত্ৰ প্ৰেৰণ কৰিছে। এই কথা সবিশেষ ব্যক্ত কৰি সংবাদ মাধ্যমৰ যোগে আন এটা বিবৃতিৰ যোগে সাংবাদিক নেওগে প্ৰকাশ কৰে যে, অসম প্ৰকাশন পৰিষদৰ সহকাৰী সচিব তথা লোক তথ্য বিষয়া মিংকু হাজৰিকাই যোৱা ১৬ ফেব্ৰুৱাৰী তাৰিখৰ চিঠি নং পিবি/ পি,আৰ/আৰ,টি,আই/৩৪১/পাৰ্ট-১/২০১৬/৩৪১(এ) মৰ্মে প্ৰেৰণ কৰা চিঠিৰ যোগে জানিব পৰা গʼল যে, অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা উল্লিখিত গ্ৰন্থখনৰ দুটা সংস্কৰণ প্ৰকাশ হৈছে। প্ৰথম সংস্কৰণটো ছপা কৰা হৈছিল ৩ হেজাৰখন গ্ৰন্থ আৰু দ্বিতীয় সংস্কৰণ ছপা কৰা হৈছিল ১১ লাখ ৫০ হেজাৰখন গ্ৰন্থ। অৰ্থাৎ দুয়োটা সংস্কৰণত মুঠ ছপা কৰা হৈছিল ১১ লাখ ৫৩ হেজাৰখন গ্ৰন্থ। লগতে পৰিষদে এইটোও জানিবলৈ দিয়ে যে, প্ৰথম সংস্কৰণটোত ব্যয় হৈছিল ৩ লাখ ৩৫১ টকা আৰু দ্বিতীয় সংস্কৰণটোত ব্যয় হৈছিল ৪ কোটি ৩ লাখ ৬ হেজাৰ ৭৩৫ টকা। অৰ্থাৎ দুয়োটা সংস্কৰণত মুঠ খৰচ হয় ৪ কোটি ৬ লাখ ৭ হেজাৰ ৮৬ টকা। বিবৃতিটোত নেওগে লগতে উল্লেখ কৰে যে, গ্ৰন্থখনত ৰৈ যোৱা ভুল অন্যান্য গ্ৰন্থত সাধাৰণতে হোৱা ভুলৰ দৰে নহয়। ইয়াত হোৱা ভুলবোৰ ইচ্ছাকৃতভাৱে কৰা ভুল, যিবোৰ পৰৱৰ্তী সংস্কৰণত শুদ্ধ কৰিব পৰা নেযায় আৰু তাকে কৰিবলৈ হ’লে গ্ৰন্থখন নতুনকৈ লেখিব লাগিব। চন-তাৰিখৰ বহুতো ভুল আছে, যেনে সৰ্বভাৰতীয় সাংস্কৃতিক সংগঠন, য’ত ভূপেন হাজৰিকা জৰিত হৈ আছিল, সেই ভাৰতীয় গণনাট্য সংঘ অসমত প্ৰথম স্থাপিত হয় ১৯৪৪ চনত আৰু প্ৰথম অধিবেশন হৈছিল ১৯৪৭ চনত,কিন্ত্ত গ্ৰন্থখনত আছে প্ৰথম স্থাপিত হয় ১৯৪৮ চনত বুলি। আনহে নেলাগে ভূপেন হাজৰিকা অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল ১৯৬৭ চনত, কিন্ত্ত গ্ৰন্থখনৰ ৮৭ পৃষ্ঠাত আছে ১৯৭২ চনত নিৰ্বাচিত হোৱা বুলি। এনেবোৰ ৰৈ যোৱা,কোনো এজন বিশিষ্ট ব্যক্তি- সাহিত্যিকৰ চকুত নপৰা দেধাৰ ভুল, যিবোৰ পৰৱৰ্তী সংস্কৰণত শুধৰাব পাৰি। কিন্তু যিবোৰ ইচ্ছাকৃতভাৱে কৰা ভুল,যেনে ভূপেন হাজৰিকাৰ জীৱনৰ কথা ক’বলৈ গৈ সুৰুঙা উলিয়াই গ্ৰন্থাকাৰে নিজৰ নামটো প্ৰকাশ কৰাটো বাদেই, সুবিধা উলিয়াই আনকি নিজৰ লগতে গ্ৰন্থাকাৰৰ স্বামীৰ নামটোও সাঙুৰি লোৱাৰ কাৰবাৰবোৰৰ প্ৰয়োজনেই নাছিল। ভূপেন হাজৰিকাৰ দৰে এগৰাকী মহান গণশিল্পীৰ জীৱন ভিত্তিক গ্ৰন্থত গ্ৰন্থাকাৰৰ নিজা কথা সাধাৰণতে উল্লেখ কৰিবই নেলাগে। তাৰ বিপৰীতে ভূপেন হাজৰিকাৰ জীৱনৰ বহু মূল্যবান দিশ একাষৰীয়াকৈ থৈ “সীমাৰে বান্ধিব নোৱাৰি” শীৰ্ষক আগকথাত গ্ৰন্থাকাৰ অনুৰাধা শৰ্মা পূজাৰীয়ে যি লেখা লেখিছে, তাৰ প্ৰায় অৰ্ধেক পৃষ্ঠাই ভৰাই দিলে তেখেতৰ নিজৰ কথাকে। তাৰ ওপৰিও অতি দৃষ্টিকটু ভাৱে প্ৰায় ৭-৮ পৃষ্ঠা দখল কৰি ললে গ্ৰন্থাকাৰে লোৱা এটা সাক্ষাৎকাৰৰ লেখনিৰ যোগে। এইবোৰতো নতুনকৈ লিখাৰ বাহিৰে অন্যান্য গ্ৰন্থৰ দৰে পৰৱৰ্তী সংস্কৰণত শুধৰাব নোৱাৰি।
বিবৃতিটোত নেওগে লগতে প্ৰকাশ কৰিছে যে, তেখেতে পৰিষদৰ পৰা গ্ৰন্থখনত জৰিত ব্যক্তি সকলৰ নামো লাভ কৰিছে। গ্ৰন্থখন চোৱা,শুধৰাই দিয়া, শুদ্ধ ৰূপত প্ৰকাশ পোৱাৰ ক্ষেত্ৰত যিসকল বিশিষ্ট লেখক-সাহিত্যিক- পণ্ডিতক মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন কৰা বুলি পৰিষদৰ সচিবে কোৱা সকলৰ সংখ্যা ৩৩ জন।তেখেত সকল হ’ল — ডঃ অমৰজ্যোতি চৌধুৰী,তেজ হাজৰিকা, সমৰ হাজৰিকা, কবিতা বৰুৱা, মণীষা হাজৰিকা, মঞ্জুলা হাজৰিকা,দুলাল মানকি,ৰতি মোহন নাথ,পুলক বেনাৰ্জী, চৈয়দ চাদুল্লা, ৰঞ্জন দত্ত, ধ্ৰুবজ্যোতি ডেকা, মালবিকা বৰা,ডঃ লক্ষী গোস্বামী, ডঃ ধ্ৰুৱজ্যোতি বৰা,ৰতন চৌধুৰী, পৰমেশ্বৰ বসুমতাৰী, ৰঞ্জন বেজবৰুৱা,অঞ্জু দেৱী, মুকুল ৰাভা,মঞ্জু বৰা, সূৰ্য হাজৰিকা,ডঃ মঙ্গল সিং হাজোৱাৰী,ডঃ অমলেন্দু ভট্টাচাৰ্য, অনুৰাধা শৰ্মা পূজাৰী, ৰমেন চৌধুৰী,সদানন্দ গগৈ, বিদ্যুৎ কুমাৰ ভূঞা,পৱন কুমাৰ বৰদলৈ,কমল চন্দ্ৰ কটকী, সূৰ্য গোস্বামী,ৰূপম তালুকদাৰ আৰু ৰুবী সিংহ। এইসকলৰ কোনেও আজিলৈকে ভুল ভাবে প্ৰকাশ কৰাৰ ক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বুলি বিবৃতিটোত প্ৰকাশ। এতিয়াও সময় আছে, যিহেতু গ্ৰন্থখন ভাৰতৰ সকলো সংবিধান প্ৰদত্ত ভাষাত প্ৰকাশ হৈছে, যিহেতু গ্ৰন্থখনৰ বাবে ৰাইজৰ কোটি কোটি টকা ব্যয় হৈছে আৰু গ্ৰন্থখন যিহেতু শ্ৰদ্ধাৰ ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক আপুৰুগীয়া গ্ৰন্থ, সেয়েহে সদ্য প্ৰকাশিত এই গ্ৰন্থখন অচিৰেই বাজেয়াপ্ত কৰি শুদ্ধ ৰূপত প্ৰকাশৰ ব্যৱস্থা কৰিব লাগে।–বিবৃতিটোৰ যোগে চৰকাৰৰ ওচৰত নেওগে পুনৰ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *