...

গংগাধৰ নৈৰ গৰাখহনীয়াৰ তাণ্ডৱ !

Spread the love

গংগাধৰ নৈৰ গৰাখহনীয়াৰ তাণ্ডৱ !

স্থানীয় বিধায়ক,সাংসদৰ ভূমিকাক লৈ ক্ষোভ

সংশ্লিষ্ট চৰকাৰী বিভাগটোৰ ভূমিকাক লৈ প্ৰশ্ন ?

*চাইন অন ডেস্ক:*

ধুবুৰী জিলাৰ আগমনী ৰাজহ চক্ৰৰ অন্তৰ্গত শিঙিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত উত্তৰ মৰাগদাধৰত গংগাধৰ নৈৰ তীব্ৰ গৰাখহনীয়াত অঞ্চলটোৰ বহু লোকৰ ভেটি-খেতি মাটি উছন ঘটাৰ উপক্ৰম ঘটিছে। জানিব পৰা মতে, অঞ্চলটোৰ প্ৰায় ১১০ বিঘা খেতি মাটি গংগাধৰ নৈত বিলীন হোৱাৰ বিপৰীতে ইতিমধ্য প্ৰায় ৫০টাকৈ পৰিয়ালে নিজৰ সপোনৰ ঘৰখন এৰি নিৰাপদ স্থানলৈ স্থানন্তৰিত হ’বলগীয়া হৈছে। কিন্তু তাৎপৰ্য্যপূৰ্ণ ভাবে

গোলকগঞ্জৰ কংগ্ৰেছী বিধায়ক আব্দুছ সোবাহান আলী সৰকাৰকে ধৰি স্থানীয় সাংসদ ৰকিবুল হুছইনেও এতিয়ালৈ নিজৰ সমষ্টিবাসীৰ দুখ-দূৰ্দশাৰ বুজ লবলৈ উত্তৰ মৰাগদধৰত উপস্থিত হোৱাৰ আহৰি পোৱা নাই। ফলত স্বাভাবিকভাবেই, নিৰ্বাচন আহিলেই বিভিন্ন প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দাবীৰে ভোট ভিক্ষা বিচৰা নিৰ্বাচিত প্ৰতিনিধি সকলে দিঠকত গৈ এইদৰে মূৰ-পোলোকা দিয়া কাৰ্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ সংশ্লিষ্ট চৰকাৰী বিভাগটোৰ ভূমিকাক লৈও উত্থাপন হৈছে প্ৰশ্নৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *