ডিব্ৰুগড়ৰ চি আৰ পি এফ বিষয়াই সম্পূৰ্ণ কৰিলে ৬০০ কিলোমিটাৰ এণ্ডুৰেন্স চাইক্লিং অভিযান
৫৭ বছৰীয়া সহকাৰী কমাণ্ডেণ্ট সোহন সিং ৰাৱাটৰ সাফল্য
চাইন অন ডেস্ক:
৫৭ বছৰীয়া, ডিব্ৰুগড়ৰ অ’পছ ৰেঞ্জত পোষ্ট কৰা সহকাৰী কমাণ্ডেণ্ট (মিন) সোহন সিং ৰাৱাটে গুৱাহাটী ৰেণ্ডনৰ্ছৰ উদ্যোগত ১১–১২ অক্টোবৰত ৬০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এণ্ডুৰেন্স চাইকেল অভিযান সফলতাৰে সম্পূৰ্ণ কৰিছে।

এই পথটোত গুৱাহাটী–মৰিগাঁও–নগাঁও–তেজপুৰ–জামুগুৰিহাট সামৰি পুনৰ গুৱাহাটীলৈ, আৰু ৰঙিয়া–নলবাৰী–পাঠশালা হৈ সামৰিছিল।
মুঠ পাঁচজন চাইকেল আৰোহীয়ে এই অভিযানত অংশগ্ৰহণ কৰে। দুজনে মাজভাগত ড্ৰপ আউট কৰাৰ বিপৰীতে তিনিজনে ৰাইড সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড়ত চি আৰ পি এফক প্ৰতিনিধিত্ব কৰা ৰাৱটে প্ৰথম স্থান দখল কৰা হিচাপে আত্মপ্ৰকাশ কৰে।
সমগ্ৰ অভিযানটো স্বাৱলম্বী আছিল, যাৰ ফলত ৰাৱটৰ এই কৃতিত্ব আৰু অধিক উল্লেখযোগ্য হৈ পৰিছিল।
