...
Spread the love

 

 

ডিব্ৰুগড়ত টাই আহোম জনগোষ্ঠী সংগঠনৰ সংবাদমেল

 

 

 

গাহৰি ভাত খোৱাই ২৬ত বিদায় দিব বিজেপিক!
১ নৱেম্বৰত ডিব্ৰুগড় মহানগৰত এক লক্ষাধিক লোকক লৈ জোঁৰ সমদল

 

 

চাইন অন ডেস্ক:

মৰান, মটক আৰু চাহ জনগোষ্ঠীৰ পাছত এইবাৰ উজনি কঁপাবলৈ সাজু হৈছে টাই আহোম জনগোষ্ঠী। জনজাতিকৰণৰ দাবীত ডিব্ৰুগড় মহানগৰত এক লক্ষাধিক টাই আহোম জনগোষ্ঠীয় লোকক লৈ অনুষ্ঠিত কৰিব বিশাল জোঁৰ সমদল কাৰ্যসূচী।মংগলবাৰে ডিব্ৰুগড় মহানগৰৰ ইণ্ডচুৰীয়া হোটেলত এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা ঘোষণা কৰিছে টাই আহোম জনগোষ্ঠীয় সংগঠনসমূহৰ নেতাই। টাইপা, আটাছু, পূৰ্বাঞ্চল টাই সাহিত্য সভা, মে-নাং-ৰায় ম্যুং ডুং চ্যুং খামৰ যৌথ সভা অনুষ্ঠিত কৰে। সভাৰ অন্ততঃ অনুষ্ঠিত কৰা সংবাদমেলত বিজেপি নেতৃত্বাধীন চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে টাই আহোম জনগোষ্ঠীৰ সংগঠনসমূহৰ নেতাই। টাইপাৰ ডিব্ৰুগড় জিলাৰ কাৰ্যকৰী সভাপতি দীপাংকৰ দুৱৰাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰে ১১ বছৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে। এতিয়া নিৰ্বাচন অহাৰ প্ৰাকক্ষণত জনজাতিকৰণৰ বিষয়টোক লৈ বিজেপি চৰকাৰে ৰাজনীতিকৰণৰ বাবে উঠি পৰি লাগিছে। ২৫ নৱেম্বৰত মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী গোটৰ প্ৰতিবেদন বিধানসভাৰ মজিয়াত দাখিল কৰিম বুলি কৈছে। ইমান দিনে কি কৰি আছিল তেওঁলোক। আমি এইবোৰ কথাত এতিয়া বিশ্বাস নকৰোঁ। মুঠৰ ওপৰত আমাক জনজাতিকৰণ লাগিব। আমাক ললিপপ আৰু নালাগে। ২৬ৰ পূৰ্বে টাই আহোমৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নহ’লে বিজেপিক গাহৰি ভাত খোৱাই বিদায় দিয়া হ’ব। ইফালে সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰীয়ে কৰা মন্তব্যকো তীব্ৰ বিৰোধিতা কৰে টাইপাৰ নেতাজনে। দীপাংকৰ দুৱৰাই লগতে কয় যে, আমি চাকৰিৰ আশাত জনজাতিকৰণ বিচৰা। অসমৰ ভৱিষ্যতৰ সুৰক্ষা স্বাৰ্থত জনজাতিকৰণ বিচাৰিছোঁ। জনজাতি কাক দিব বা কাক নিদিব সেই কথা কোৱাৰ নৈতিক অধিকাৰ নাই আদিত্য খাকলাৰীৰ। জনজাতি আদিত্য খাকলাৰীৰ পৈতৃক সম্পত্তি নহয়। মুখ্যমন্ত্ৰীয়ে লিখি দিয়া শ্ৰুতলিপি আমাৰ আগত পঢ়ি দি লাভ নাই। আমাৰ জাতীয় স্বাৰ্থত ট্ৰাইবেল সংঘৰ আজিলৈকে মাত মাতি পোৱা নাই। কিন্তু যেতিয়াই জনজাতিকৰণৰ বিষয়টো চৰ্চা হয়, তেতিয়াই ধুমকেতুৰ দৰে আহি মাত দিয়ে। আমাৰ মাজত কাইট পেলাই হেঙাৰ হৈ থিয় নিদিব। আমি সেই কাইট গচকি যেতিয়া পাৰ হম, তেতিয়া আদিত্য খাকলাৰী ঘৰৰ ভিতৰত লুকাইয়ো তৎ নাপাব। উল্লেখযোগ্য যে, ১ নৱেম্বৰত ডিব্ৰুগড় মহানগৰত টাই আহোম জনগোষ্ঠীয় সংগঠনসমূহে ৰূপায়ন কৰিবলগীয়া প্ৰতিবাদী কাৰ্যসূচীৰ বাবে কাইলৈৰ পৰা সমগ্ৰ ডিব্ৰুগড় জিলাত প্ৰচাৰ অভিযান চলাব। মূলতঃ টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ, স্বায়ত্বশাসন প্ৰদানৰ দাবীত ডিব্ৰুগড় মহানগৰ স্তব্ধ কৰিবলৈ প্ৰস্তুতি চলাইছে টাই আহোম জনগোষ্ঠীয় সংগঠনসমূহে। এই সংবাদমেলত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কেশৱ ফুকন, ডিব্ৰুগড় জিলাৰ কাৰ্যকৰী সভাপতি দীপাংকৰ দুৱৰা,সভাপতি বিকাশ বৰুৱা, যুটীয়া সম্পাদক জিন্টু দিহিঙ্গীয়া আৰু ধনজিত সন্দিকৈ, আটাছুৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সদস্য অমিত ৰনি গগৈ, অমৰজ্যোতি সন্দিকৈ, পুৰ্বাঞ্চৰ টাই সাহিত্য সভাৰ দূৰ্গা বৰগোহাঁই, প্ৰণৱ চন্দ্ৰ নেওগ, মে-নাং-ৰায় ম্যুং ডুং চ্যুং খামৰ ৰেনু ফুকন, ইভা গন্ধীয়া ফুকন, টাই আহোম মহিলা পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদিকা পাপৰি বৰগোহাঁই আদি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *