...
Spread the love

 

 

 

নগাঁও প্ৰিণ্ট মিডিয়া এছ’চিয়েশ্বনৰ উদ্যোগত প্ৰয়াত সাংবাদিক শিৱ প্ৰসাদ বৰাৰ সোঁৱৰণত বঁটা প্ৰদান

 

 

 

“ছপা মাধ্যমে মানুহৰ মনোযোগ-স্মৃতি শক্তি বৃদ্ধি কৰে”–ডঃ হিতেশ ডেকা

 

 

 

নগাঁও:-

“মানৱ সভ্যতা জীয়াই থকালৈকে মানুহে কিতাপ পঢ়িব। সেয়ে ছপা মাধ্যমৰ গুৰুত্ব আজিও আছে । ছপা মাধ্যমে মানুহৰ মনোযোগ বৃদ্ধি কৰে,স্মৃতি শক্তি বৃদ্ধি কৰে আৰু আত্মবিশ্বাস গঢ়ি তোলে।” নগাঁও প্ৰিণ্ট মিডিয়া এছ’চিয়েশ্বনৰ উদ্যোগত নগাঁও প্ৰেছ ক্লাৱৰ সভাগৃহত প্ৰয়াত সাংবাদিক শিৱপ্ৰসাদ বৰাৰ সোঁৱৰণত আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি নগাঁৱৰ প্ৰয়াত দুই জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ বৰা আৰু বলেন বৰা স্মাৰক বক্তৃতা প্ৰদান কৰি নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকাই এই মন্তব্য কৰে। “প্ৰযুক্তিৰ উত্তৰণত ছপা মাধ্যমৰ সম্ভাৱনা আৰু সংশয়” শীৰ্ষক বক্তৃতা প্ৰদান কৰি ডঃ ডেকাই লগতে কয় যে প্ৰচণ্ড জাতীয়তাবোধ আৰু জনজাগৰণৰ মাজেৰে আগবাঢ়ি গ’লেহে ছপা মাধ্যম শক্তিশালী হৈ থাকিব। বৰ্তমান সময়ত অসমত বাতৰি কাকতৰ প্ৰচলন হ্ৰাস হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে অসমত প্ৰায় ছয় লাখৰো অধিক চৰকাৰী কৰ্মচাৰী আছে যদিও সেই সকলৰ অধিকাংশই বাতৰি কাকত নপঢ়ে। অসম আৰু কেৰেলাৰ জনসংখ্যা প্ৰায় সমান বুলি মন্তব্য কৰি নগাঁও বিশ্ববিদ্যালয়ৰ ডঃ উপাচাৰ্য  হিতেশ ডেকাই কয় যে কেৰেলাত “মনোৰমা” নামৰ কাকতখনৰ প্ৰচলন ২০ লাখৰো অধিক। পশ্চিমবঙ্গত “আনন্দ বজাৰ পত্ৰিকা”ৰ প্ৰচলনো ঈৰ্ষণীয়। ইয়াৰ মুল কাৰণ তেওঁলোকৰ প্ৰচণ্ড জাতীয়তাবোধ। জাতীয়তাবোধ থাকিলেহে ভাষা শক্তিশালী হব। অসমত ইয়াৰ অভাৱ হৈছে। অসমৰ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ সংখ্যা দহ হাজাৰ হʼব। এই দহ হাজাৰ কৰ্মচাৰীৰ কেইজনে বাতৰি কাকত পঢ়ে বুলি তেওঁ প্ৰশ্ন কৰে। আমাৰ পৰিয়ালসমূহৰ ঘৰত কিমান আলোচনী থাকে প্ৰশ্ন কৰি ডঃ ডেকাই কয় যে মʼবাইল ফোনে মানৱ সমাজক অনিশ্চয়তাৰ দিশলৈ নি আছে। কাৰণ মʼবাইল আবিস্কাৰ কৰা জনেও আজি পস্তাৱ লগা হৈছে।ঘৰখনত মʼবাইল ফোনে কি ৰূপ লৈ আছে সেয়া সকলোৱে প্ৰত্যক্ষ কৰিছে। পৰিস্থিতি এনেকুৱা হৈছেগৈ যে আগৰ দৰে আজিৰ সমাজত ঘৰখনৰ সকলো সদস্যই একেলগে ভাত সাজ খাবলৈ সময় নোহোৱা হৈছে । সাংবাদিকসকলক বিবেক আৰু চিন্তাৰ নায়ক বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকেই সমাজখন সঠিক ভাবে পৰিচালনা কৰাত সহায় কৰে‌। ডিজিটেল যুগতো ছপা মাধ্যমৰ ঐতিহাসিক গুৰুত্ব আছে। ছপা মাধ্যমৰ ভবিষ্যত নিৰ্ভৰ কৰিব আমাৰ মাজত থকা প্ৰচণ্ড জাতীয়তাবোধ, জনজাগৰণ আৰু নৱপ্ৰজন্মৰ মাজত ইয়াৰ প্ৰতি থকা আগ্ৰহৰ ওপৰত। নগাঁও প্ৰিণ্ট মিডিয়া এছ’চিয়েশ্বনৰ সভাপতি কনক হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে এছ’চিয়েশ্বনৰ কাৰ্যকৰী সভাপতি হেমেন কুমাৰ দাসে আৰু উদ্যেশ্য ব্যাখ্যা তথা আঁত ধৰে সাধাৰণ সম্পাদক চন্দন জ্যোতি বৰাই। অনুষ্ঠানত প্ৰয়াত শিৱ প্ৰসাদ বৰাৰ সোঁৱৰণত ৰূপহীহাটৰ “অসমীয়া প্ৰতিদিন”ৰ জ্যেষ্ঠ সাংবাদিক খৰ্গেশ্বৰ বৰুৱাক বঁটা প্ৰদান কৰে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই। বঁটা প্ৰদান কৰি বিধায়ক শৰ্মাই বাতৰি কাকত আৰু কিতাপৰ লগত থকা চল্লিশ বছৰীয়া সংস্পৰ্শৰ কথা উল্লেখ কৰি কয় যে সাম্প্ৰতিক সময়ত বাতৰি কাকতৰ প্ৰচলন কিছু হ্ৰাস হৈছে। এসময়ত নগাঁৱত ১ লাখৰো অধিক কাকত প্ৰচলন হৈছিল। ক’ভিডকালীন সময়ৰ পৰাই কাকতৰ প্ৰচলন কমিবলৈ ধৰে। অৱশ্যে বাতৰি কাকত আৰু ছপা মাধ্যমৰ এতিয়াও গুৰুত্ব আছে। আজিকালি গ্ৰন্থমেলাত কিতাপৰ বিক্ৰী ভাল হোৱাৰ কথা উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় এইয়া আমাৰ সকলোৰে বাবে ইতিবাচক খবৰ। বৰ্তমানৰ চৰকাৰেও গ্ৰন্থ অধ্যয়নৰ প্ৰতি গুৰুত্ব দিছে। বিধায়ক শৰ্মাই সাংবাদিকসকলক নেতিবাচক বাৰ্তা প্ৰেৰণৰ ক্ষেত্ৰত প্ৰতিৰোধ গঢ়ি তুলিবলৈ আহ্বান জনাই কয় যে সমাজ এখনৰ উত্তৰণত সংবাদ মাধ্যমৰ ভূমিকা অনস্বীকাৰ্য। সংবাদ মাধ্যমে ইতিবাচক বাৰ্তাৰে সমাজক গতিশীল কৰাটো প্ৰয়োজন। অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা আয়ূক্ত দেৱাশীষ শৰ্মাই সাংবাদিকসকল সমাজৰ আগশাৰীৰ ব্যক্তি বুলি উল্লেখ কৰি কয় যে সংবাদ মাধ্যম শক্তিশালী হʼলেহে গণতন্ত্ৰ শক্তিশালী হʼব। নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডঃ শৰৎ বৰকটকীয়ে নগাঁৱৰ সাংবাদিক ক্ষেত্ৰখনৰ ইতিহাস ব্যাখ্যা কৰি কয় যে বৰ্তমান সময়ত বাতৰি কাকত পঢ়া লোকৰ সংখ্যা কমিছে। সংবাদ মাধ্যমে সদায় ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি ডঃ বৰকটকীয়ে সাংবাদিকসকলক যোগাত্মক দৃষ্টিৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। উল্লেখ্য যে খৰ্গেশ্বৰ বৰুৱাক প্ৰদান কৰা বটাত আছে গামোচা,চেলেং,জাপি,শৰাই,স্মাৰক,সম্বৰ্ধনা পত্ৰ,নগদ ধন আৰু গ্ৰন্থ। এই বঁটা আগবঢ়াইছে প্ৰয়াত শিৱ প্ৰসাদ বৰাৰ পত্নী তৃষ্ণা বৰাই। অনুষ্ঠানৰ আৰম্ভণিতে জনদৰদী শিল্পী জুবিন গাৰ্গ আৰু নগাঁৱৰ চাৰিগৰাকী প্ৰয়াত জ্যেষ্ঠ সাংবাদিক ক্ৰমে প্ৰণৱ কুমাৰ বৰা,বলেন বৰা,শিৱ প্ৰসাদ বৰা আৰু অখিল চন্দ্ৰ দাসৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড: শৰৎ বৰকটকী,জেষ্ঠ সাংবাদিক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক নৱ কুমাৰ মহন্ত আৰু নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি জীতেন বৰকটকীয়ে। লগতে তেওঁলোকে অগ্ৰণী প্ৰকাশন গোষ্ঠী “ক্ৰান্তিকাল প্ৰকাশন”ৰ দ্বাৰা প্ৰকাশিত আৰু নগাঁও প্ৰিণ্ট মিডিয়া এছ’চিয়েশ্বনে প্ৰচাৰ কৰা কৰা উল্লিখিত চাৰি সাংবাদিকৰ সংক্ষিপ্ত জীৱনী “সশ্ৰদ্ধ” উন্মোচন কৰে। গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানটিত প্ৰয়াত সাংবাদিকৰ পৰিয়ালবৰ্গৰ লগতে নগাঁৱৰ বিশিষ্ট ব্যক্তি আৰু সাংবাদিকসকল উপস্থিত থাকে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Leave a Reply

Your email address will not be published. Required fields are marked *