জাপানৰ আইচি-নাগ’য়াত পূর্ণগতিত চলি থকা এছিয়ান গেমছত গ’লৰ বন্যা ভাৰতীয় মহিলা হকী দলৰ। উজবেকিস্তানক ১৯ গ’ল আৰু ইন্ডোনেছিয়াক ১৭ গ’লত পৰাস্ত কৰাৰ পাছত এইবাৰ খাইলেণ্ডক ২০ গলত পৰাস্ত কৰিলে ভাৰতীয় মহিলা হকী দলটোৱে। একপক্ষীয় মেচখনত ভাৰতীয় দলটোৰ দীপিকা চেৰাৱটে অকলেই ৯টাকৈ গ’ল স্ক’ৰ কৰে। মন কৰিবলগীয়া যে চলিত এছিয়ান গেমছত দীপিকাই এতিয়ালৈকে তিনিখন মেচ খেলি ২০টাকৈ গ’ল স্ক’ৰ কৰিবলৈ সক্ষম হৈছে। মেচখনত ভাৰতীয় দলটোৱে ২০-১ গ’লত বিজয় সাব্যস্ত কৰে। থাইলেণ্ডৰ বিপক্ষে খেলা মেচখনত দীপিকা চেৰাৱটৰ উপৰি নৱনীত কৌৰে চাৰিটা আৰু ৰুতুজা পিছালে ৩টা
গ’ল স্ক’ৰ কৰাৰ বিপৰীতে নেহা গুৱাল, লালৰেমচিয়ামি, সাক্ষী ৰাণা আৰু অধিনায়িকা ছালিমা টেটেই এটাকৈ গ’ল স্ক’ৰ কৰে। মেচখনৰ প্রথম কোৱাটাৰত ৬টা, দ্বিতীয় আৰু তৃতীয় কোৱাৰ্টাৰত ৫টাকৈ তথা চতুর্থ কোৱাটাৰত ৪টাকৈ গ’ল স্ক’ৰ কৰে ভাৰতে। পুল বিত পইন্ট তালিকাৰ শীৰ্ষত আছে ভাৰত।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.