মিছন বসুন্ধৰা ৪.০: ডিব্ৰুগড়ত উজনি অসম-অতিৰিক্ত (II) মণ্ডলৰ কৰ্মগোটৰ দিনজোৰা ক্ষেত্ৰভিত্তিক পৰামৰ্শমূলক বৈঠক
চাইন অন ডেস্ক,২৫ ছেপ্টেম্বৰ:
মিছন বসুন্ধৰা ৪.০ৰ অধীনত উজনি অসম-অতিৰিক্ত (II) মণ্ডলৰ কৰ্মগোটৰ উদ্যোগত কালি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দিনজোৰা ক্ষেত্ৰভিত্তিক পৰামৰ্শমূলক বৈঠক অনুষ্ঠিত হয়। ডিব্ৰুগড়
উল্লেখ্য যে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে গঠন কৰা এই কৰ্মগোটৰ অধ্যক্ষ হৈছে অসমৰ ভূমি অভিলেখ আৰু জৰীপ সঞ্চালক কৈলাশ কাৰ্তিক এন, আই এ এছ। কৰ্মগোটটোত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব তথা ASSTCৰ অধ্যক্ষ প্ৰবীৰ কুমাৰ দত্ত, এ চি এছ; ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উপ-সচিব তথা অসমৰ অতিৰিক্ত জিলা ভূমি অভিলেখ বিষয়া (ADLR) কমল বৰুৱা, এ চি এছ; সহকাৰী ভূমি অভিলেখ বিষয়া (ALRS) তথা অসমৰ সহকাৰী ভূমি অভিলেখ সঞ্চালিকা অদিতি গগৈ; অসমৰ জৰীপৰ সহকাৰী সঞ্চালক খিতুবন কোঁৱৰ; হিমাংগ মধুকল্য আৰু এন আই চিৰ এগৰাকী প্ৰতিনিধি উপস্থিত থাকে।
অনুষ্ঠানৰ আৰম্ভণিতে ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে আদৰণি ভাষণ প্ৰদান কৰে। ইয়াৰ পাছত জিলা প্ৰশাসনৰ সৈতে বিভিন্ন বিষয়ত পৰামৰ্শমূলক আলোচনা অনুষ্ঠিত হয়। আলোচনাত জিলা আয়ুক্ত, সম-জিলা আয়ুক্ত (CDC), অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়া আৰু ILRMS পৰামৰ্শদাতাসকলে অংশগ্ৰহণ কৰে।
দিনজোৰা পৰামৰ্শমূলক আলোচনাত ভূমি অভিলেখ আৰু ভূমি প্ৰশাসনৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সামৰি লোৱা হয়। মৌজাদাৰ, LRS/ALRS আৰু গাঁও প্ৰধান নিৰ্বাচনৰ লগতে তেল আৰু চাহ বাগিচাৰ ভূমিৰ NOC-ৰ স্থিতি, পঞ্জীয়ন নোহোৱা দলিলৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত উদ্ভৱ হোৱা বিভিন্ন সমস্যা আৰু ইয়াৰ সৈতে জড়িত আইনী ব্যৱস্থাসমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়।
কৰ্মগোটে বিশিষ্ট নাগৰিক, পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ (PRI) সদস্য আৰু CSC অপাৰেটৰসকলৰ সৈতেও মত বিনিময় কৰি তেওঁলোকৰ মতামত আৰু পৰামৰ্শ গ্ৰহণ কৰে। ইয়াৰ উপৰি, অ-কেডাষ্ট্ৰেল (NC) গাঁৱৰ জৰীপ আৰু পুনৰ জৰীপৰ স্থিতি তথা SVAMITVAৰ অধীনত ডাগ বিভাজনৰ প্ৰক্ৰিয়াৰ বিষয়েও আলোচনা কৰা হয়।
ইয়াৰ অংশ হিচাপে যুটীয়া পৰিদৰ্শন/যুটীয়া জোখ-মাখ (JIM)-ৰ সৈতে জড়িত অংশীদাৰসকলৰ সৈতেও এখন বৈঠক অনুষ্ঠিত কৰা হয়।

মিছন বসুন্ধৰা ৪.০ৰ অধীনত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অংশীদাৰসকলৰ সৈতে পৰামৰ্শমূলক আলোচনা অনুষ্ঠিত কৰি ভূমি সম্পৰ্কীয় ক্ষেত্ৰভিত্তিক সমস্যাসমূহ চিহ্নিত কৰা আৰু মিছনৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে কৰ্মগোটে গ্ৰহণ কৰা বহল পৰিসৰৰ কাৰ্যসূচীৰ অংশ হিচাপে এই ক্ষেত্ৰভিত্তিক পৰামৰ্শমূলক বৈঠক অনুষ্ঠিত কৰা হয়।
