এচিয়ান গেমছত মহিলাৰ ৪১ কেজি শাখাত দ্বিতীয় স্থান দখল কৰি নিজৰ বর্ণময় কেৰিয়াৰত এছিয়ান গেমছৰ ৰূপৰ পদক সংযোজন কৰিলে ৩২ বছৰীয়া ভাৰতীয় ভাৰোওোলক গৰাকীয়ে। তেওঁৰ এই পদকৰ জৰিয়তে ১৯৯৮ চনৰ পাছত এছিয়ান গেমছৰ ভাৰোওোলনত প্রথমটো পদক আহিল ভাৰতলৈ।চানুৱে ১৯৮ কেজি ওজন উত্তোলন কৰে। মুঠ সাতগৰাকী প্রতিযোগীৰ ভিতৰত দ্বিতীয় স্থান দখল কৰি ৰূপৰ পদক নিশ্চিত কৰে মীৰাবায়ে। এই ইভেন্টত সোণৰ পদক জয় কৰে উত্তৰ কোৰিয়াৰ ৰি সং-গুমে। এছিয়ান গেমছত এয়া তেওঁৰ একেৰাহে তৃতীয়টো সোণৰ পদক। ইন্ডোনেছিয়াৰ উইজায়ানা লুলুক দিয়ানি ত্রিয়ে মুঠ ১৯১ কেজি ওজন উত্তোলন কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। তেওঁ মেচত ৮৭ কেজি আৰু ক্লিন এন্ড জার্কত ১০৩ কেজি ওজন উত্তোলন কৰে। চানুৰ ৰূপৰ পদকে এছিয়ান গেমছত ভাৰতৰ দীঘলীয়া অপেক্ষাৰ অন্ত পেলালে। ইয়াৰ পূর্বে হ্যান্ডেী এছিয়ান গেমছত তেওঁ চতুর্থ স্থানত শেষ কৰি অলপৰ বাবে পদক হেৰুৱাইছিল মীৰাবায়ে। চানুৰ দখলত আছে অলিম্পিকৰ ৰূপৰ পদক, বিশ্ব চেম্পিয়নশ্বিলব থিতাপ আৰু বামনয়েলথ গেমছন সোনৰ পষক। এইবাৰ সেই তালিকাৰ সংযোজন হ’ল এছিয়ান গেমছৰ ৰূপৰ পদতো। বিঅ’ অলিম্পিকত অভিষেক ঘটোৱাৰ সময়ত তেওঁ কোনো বৈধ লিফট কৰিবলৈ সক্ষম হোৱা নাছিল আৰু পদকৰ দৌৰৰ পৰা বাহিৰ হৈছিল। পাঁচ বছৰৰ পাছত টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয়েৰে সেই কঠিন অধ্যায়ৰ উত্তৰ দিছিল তেওঁ। এছিয়ান গেমছতো তেওঁ অপেক্ষা কৰিব লগীয়া হৈছিল। হাংঝৌত পদকৰ পৰা বঞ্চিত হোৱাৰ পাছত এইবাৰ নাগোয়াত সেই সুযোগৰ সদ্যৱহাৰ কৰিলে চানুৱে। চানুৰ এই ৰূপৰ পদক ভাৰতীয় ভাৰত্তোলনৰ ইতিহাসত গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে। ১৯৯৮ চনত বেংকক এছিয়ান গেমছত কর্ণম মালেশ্বৰীয়ে ৰূপৰ পদক জয় কৰাৰ পাছত এই প্রথমবাৰৰ বাবে কোনো ভাৰতীয় ভাৰোত্তোলকে এছিয়ান গেমছৰ পদক জয় কৰিলে। সাতগৰাকী ফাইনেলিস্টৰ ভিতৰত চানুৱেই আছিল আটাইতকৈ বয়োজ্যেষ্ঠ প্রতিযোগী। তেওঁ দ্বিতীয় স্থান লাভ কৰাৰ ফলত ভাৰতৰ পদক তালিকাও সলনি হৈছে। ৰাণৰ পদক জয়ৰ পাছত ১১ নম্বলৈ উন্নীত হৈছে ভাৰতৰ স্থান।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.