ৰাজ্যত পুনৰ ধৰ্ষণৰ দৰে জঘন্য ঘটনা, এগৰাকী পুৰুহিতৰ নিৰ্লজ্জ কাণ্ডই এতিয়া জোকাৰিছে সমগ্ৰ ওদালগুৰি । ওদালগুৰি জিলাৰ ২ নং বৰঙ্গাজুলি নালাপাৰাৰ ৰিংকু শৰ্মা নামৰ পুৰুহিত গৰাকীৰ কু-কৰ্মই এতিয়া সমগ্ৰ জিলা খনতে এতিয়া সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । পূজা পাতল কৰি ৰাইজক আত্মশুদ্ধিৰ মাৰ্গদৰ্শন কৰা ৰজাগড় নালাপাৰাৰ এই গৰাকী লম্পট পুৰোহিতৰ কুকৰ্ম পোহৰলৈ অহাৰ পাছতে অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। যিগৰাকী ৰিংকু শৰ্মাৰ পূজা পাতলেৰে সাধাৰণ ৰাইজে পাপৰ প্ৰায়শ্চিত্ত কৰে আজি সেই ৰিংকু শৰ্মাৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ কোনো নাই। ঘটনাৰ বিবৰণি মতে ৰজাগড় নালাপাৰাৰ ৰিংকু শৰ্মা নামৰ পুৰোহিত গৰাকীয়ে এগৰাকী বিবাহ বিচ্ছেদিত মহিলাক তিনিদিন ধৰি বন্ধ কোঠাত আবদ্ধ কৰি যৌন নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ অহাৰ লগে-লগে পুৰোহিত ৰিংকু শৰ্মাৰ কু ৰ্কীতি ফাদিল হৈছে । কামৰূপ গ্ৰাম্য জিলাৰ হাজোৰ সাতডলা গাঁৱৰ জৈনক দাস উপাধিৰ মহিলা গৰাকীক বিয়াৰ প্ৰলোভনেৰে দীৰ্ঘদিনে যৌন শোষণ কৰাৰ লগতে বিগত তিনিদিন ধৰি দিনে-নিশাই একেটা কোঠাত আবদ্ধ কৰি শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উথ্থাপন হৈছে পুৰোহিত ৰূপী লম্পট ৰিংকু শৰ্মাৰ বিৰুদ্ধে । পুৰোহিতৰূপী লম্পট ৰিংকু শৰ্মাৰ এই কুকৃতি কাণ্ড ফাদিল হোৱাৰ পাছতে নালাপৰাৰত দুখনকৈ ৰাজহুৱা সভা অনুস্থিত হ’য় যদিও এই সভাত উপস্থিত থকাৰ পৰিৱৰ্তে পলায়ন কৰে অভিযুক্ত ৰিংকু শৰ্মাই । প্ৰেমৰ জালত আবদ্ধ কৰি মহিলা গৰাকীক দীৰ্ঘদিনে যৌন শোষণ কৰাৰ পাছত পলায়ন কৰা ৰিংকু শৰ্মা নামৰ লম্পট টোৰ বিৰুদ্ধে ভূক্তভোগী মহিলা গৰাকীয়ে ডিমাকুছি আৰক্ষী থানাত ৰিংকু শৰ্মাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ এক গোচৰ ৰুজু কৰিছে ।পৰৱৰ্তী সময়ত পুৰোহিতৰূপী এই গৰাকী লম্পটৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.