...

গৌৰাঙ নৈৰ গঢ়াখহনীয়াৰ তাণ্ডৱ

গৌৰাঙ নৈৰ গঢ়াখহনীয়াৰ তাণ্ডৱ

৫০ টা পৰিয়ালৰ বাসগৃহ নৈ’ৰ বকুত জাহ

চাইন অন ডেস্ক,৪জুলাই:

বাৰিষাৰ আৰম্ভনিতে বিলাসীপাৰাত খোৰস্ৰোতা গৌৰাঙ নৈয়ে গঢ়াখহনীয়াৰে সৃষ্টি কৰিছে তাণ্ডৱৰ।ইতিমধ্যে বহুতৰে ঘৰ-বাৰি উছন কৰাৰ লগতে খহাই নিছে শতাধিক বিঘা কৃষি ভুমি।বিশেষকৈ কাজাইকাটা দ্বিতীয় খণ্ড গাওঁত এইবাৰ গৌৰাঙ নৈয়ে কালৰূপ ধাৰণ কৰিছে।গাওঁখনৰ হানিফ আলী ,নুৰ মহম্মদ আলী ,সহিদ আলী ,আলী আকবৰৰ লগতে ৫০ টা পৰিয়ালৰ বাসগৃহ ইতিমধ্যে নৈ’ৰ বকুত জাহ গৈছে।তেনেদৰে মৰাপাট,ধান,পাচলিৰ শতাধিক বিঘা খেতি ভুমি গঢ়খহনীয়াৰ কৱলত পৰি উছন হৈছে।যি কেইজনৰ বাসগৃহ খহনীয়াৰ কৱলত পৰা নাই ,তেওঁলোকে নিতৌ বিনীদ্ৰ ৰজনী কটাৱলগীয়াত পৰিছে।ইমানৰ পিছতো সাংসদ ৰকিবুল হুছেইন,বিধায়ক ওৱাজেদ আলী চৌধুৰীয়ে নৈপৰীয়া ৰাইজৰ খৱৰ এটা লোৱাৰ আহৰি পোৱা নাই।অঞ্চলটোৰ গঢ়াখহনীয়া সমস্যা সমাধান কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি ফুটকাৰ ফেনহৈ পৰিল বুলি অভিযোগ কৰি ক্ষুব্ধহৈ পৰিছে।ভুক্তভোগীৰ অভিযোগ–সমস্যা সমাধানৰ বাবে ৰকিবুল হুছেইনক দহ লাখ ভোটৰ ব্যৱধানত বিজয়ী কৰাই দিল্লীলৈ প্ৰেৰণ কৰিছো।আমাৰ সমস্যা সমাধান কৰা দুৰৈৰ কথা ,খৱৰ এটা লৱলৈ সময় নাই আমাৰ সাংসদৰ।অবশ্যে পঞ্চায়তখনৰ সভানেত্ৰীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে উক্ত অঞ্চল পৰিদৰ্শন কৰে। ধুবুৰী জিলা আয়ুক্ত,বিভাগীয় বিষয়াক গঢ়াখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে সভানেত্ৰী গৰাকীয়ে অনুৰোধ জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *