বিচিন্নতাবাদী খালিস্থানী নেতা অমৃতপল সিঙ কোন ?
চাৰি সহযোগীসহ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰিছিল কিয় ?
অমৃতপলৰ ডিব্ৰুগড়ত সেই ‘২৩ চনৰ ২৩ এপ্ৰিলৰ বিশেষ দিনটো
চাইন অন ডেস্ক:



আনহাতে ৱাৰিছ পাঞ্জাৱ দেৰ নেতা তথা খলিস্তানি নেতা অমৃতপল সিঙক ডিব্ৰুগড়লৈ অনাৰ বাবে ব্যাপক প্ৰস্তুতি কালিৰে পৰা কৰি ৰখা 
ইফালে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত নিৰাপত্তা ব্যৱস্থা পূৰ্ব্বতকৈ অধিক কটকটীয়া কৰা হৈছে। কাৰাগাৰৰ নিয়মীয়া চকীদাৰৰ বাহিৰেও কাৰাগাৰৰ ভিতৰত আৰু বাহিৰৰ চৌপাশে অতিৰিক্ত অসম আৰক্ষীৰ বিশাল বাহিনী মোতায়েন কৰা হৈছে।সূত্ৰৰ পৰা জানিব পৰা মতে,ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত অতি উচ্চ নিৰাপত্তা ব্যৱস্থা থকা কোঠাত ৰখা হৈছে চাৰি ৱাৰিছ পঞ্জাব দেৰ সদস্যক।ডিব্ৰুগড়ৰ এই কাৰাগাৰত ৬৮০ জন কয়দী থকাৰ ব্যৱস্থা আছে।
উল্লেখযোগ্য যে মাত্ৰ দুদিনমান পূৰ্বে অসম আৰক্ষীৰ ডিজিপি জিপি সিঙে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ উচ্চ নিৰাপত্তা কাৰাগাৰৰ ভিতৰত থকা নিৰাপত্তা ব্যৱস্থাৰ বুজ লৈছিল।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পদক্ষেপক “আৰক্ষীৰ পৰা আৰক্ষীলৈ সহযোগিতা” বুলি অভিহিত কৰি কয় যে এয়া সম্পূৰ্ণ পঞ্জাৱ আৰক্ষীৰ আহ্বান।”আগতে আমি অসমৰ পৰা বিহাৰলৈ কয়দী পঠিয়াইছিলোঁ, আৰু এয়া আৰক্ষী-আৰক্ষীৰ সহযোগিতা। এই সন্দৰ্ভত মোৰ ক’বলগীয়া একো নাই। নিৰাপত্তাৰ বাবেও কয়দীসকলক ইয়ালৈ অনা হয়।”
ইফালে শেহতীয়া তথ্য অনুসৰি বিশেষ বিমানেৰে পাঞ্জাৱৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা দলটোৰ খালিস্তানি নেতা অমিতপাল সিংৰ সহযোগী ক্ৰমে দলজিৎ সিং কালচি, ভগৱন্ত সিং, গুৰমিত সিং আৰু প্ৰধানমন্ত্ৰী বাজেকা বুলি জানিব পৰা গৈছে। চাৰিজন ব্যক্তিক আইজি কাৰাগাৰকে ধৰি পঞ্জাৱ আৰক্ষীৰ এটা ২৭ জনীয়া দলে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ আনিছিল।