কানৈ মহাবিদ্যালয়ত ৰাষ্ট্ৰসংঘ দিৱস উদ্যাপন
বিশ্বশান্তি,মানবাধিকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ভূমিকা অতুলনীয়ঃ তৰু বাহেল
চাইন অন ডেস্ক,৩০ অক্টোবৰঃ
বিশ্বশান্তি, মানৱাধিকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ভূমিকা অতুলনীয়। বিশ্বৰ বিভিন্ন প্রান্তত সংঘটিত সংঘাত, মানবীয় সংকট আৰু নিৰাপত্তাজনিত প্রত্যাহ্বানৰ সময়ত বাষ্ট্রসংঘই শান্তি প্রতিষ্ঠা, মানবাধিকাৰ সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ এক গুৰুত্বপূর্ণ মঞ্চ হিচাপে দায়িত্ব পালন কৰি আহিছে। ডি এইচ এছ কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ত আজি অনুষ্ঠিত ৰাষ্ট্ৰসংঘ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংস্থাৰ পৰামৰ্শদাতা তৰু বাহেলে আজি এইদৰে কয়। বিশ্বশান্তি, মানবাধিকাৰ, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু মানৱীয় মূল্যবোধৰ প্ৰসাৰৰ লক্ষ্যৰে মহাবিদ্যালয়ৰ Youth Hostel Association of India বিদেশী ভাষা অধ্যয়ন কেন্দ্র, সমাজশাস্ত্র বিভাগ, ৰাজনীতি বিজ্ঞান বিভাগ, দর্শন বিভাগ আৰু কম্পিউটাৰ বিজ্ঞান বিভাগৰ যৌথ উদ্যোগত তথা নতুন দিল্লীব Indian Federation of United Nations Associations আৰু UN-NER Resource Centreৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানত বাহেলে কয় যে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ মূল লক্ষ্য হৈছে বিশ্বত শান্তি আৰু নিৰাপত্তা বজাই ৰখা, ৰাষ্ট্ৰসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তোলা, মানৱাধিকাৰৰ প্রতি সম্মান বৃদ্ধি কৰা আৰু আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহৰ সমাধানৰ বাবে
উমৈহতীয়া প্রচেষ্টা গ্রহণ কৰা। এই লক্ষ্যসমূহ বাস্তবায়িত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘই বিভিন্ন দেশৰ মাজত আলোচনা, সহযোগিতা আৰু সমন্বয়ৰ পৰিবেশ সৃষ্টি কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। দৰিদ্ৰতা নির্মূল, শিক্ষা আৰু স্বাস্থ্যৰ উন্নয়ন, লিংগ সমতা প্রতিষ্ঠা, পৰিৱেশ সংৰক্ষণ তথা বহনক্ষম উন্নয়নৰ ক্ষেত্ৰতো ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংস্থাই গুরুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে বৰ্তমানৰ বিশ্ব পৰিস্থিতি ক্রমাৎ অধিক জটিল আৰু প্রত্যাহ্বানপূর্ণ হৈ পৰিছে। যুদ্ধ-বিগ্রহ, ৰাজনৈতিক অস্থিৰতা, জলবায়ু পৰিৱৰ্তন, দৰিদ্ৰতা, বৈষম্য আৰু মানবীয় সংকটে বিশ্ববাসীৰ সন্মুখত নতুন নতুন প্রত্যাহ্বানৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি কয়- এনে পৰিস্থিতিত ৰাষ্ট্ৰসংঘৰ প্রতিষ্ঠাকালীন আদর্শ আৰু উদ্দেশ্য পূর্বতকৈও অধিক প্রাসংগিক হৈ পৰিছে। কেৱল ৰাষ্ট্ৰসংঘৰ প্রচেষ্টাই নহয়, বিশ্বৰ প্ৰতিখন দেশৰ দায়িত্বশীল সহযোগিতা আৰু জনসাধাৰণৰ সচেতন অংশগ্রহণৰ জৰিয়তেহে এখন শান্তিপূর্ণ আৰু নিৰাপদ পৃথিৱী গঢ়ি তোলা সম্ভৱ হ’ব। মুখ্য দ্বাৰৰ পৰা আৰতি কৰি গায়ন-বায়ন আৰু এন চি চিৰ কেডেটে উষ্ম আদৰণি জনাই অনা সভাত বাহেলে যুৱ প্ৰজন্মৰ ভূমিকাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে এখন শান্তিপূর্ণ, ন্যায়সংগত আৰু সমতাপূর্ণ সমাজ গঢ়াৰ ক্ষেত্ৰত যুৱসমাজৰ দায়িত্ব অপৰিসীম। আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ প্রতি সচেতনতা, মানৱাধিকাৰৰ প্রতি সম্মান, ভিন্নতা আৰু বৈচিত্র্যৰ প্রতি সহনশীলতা তথা সহযোগিতাৰ মনোভাবেৰে যুৱ প্রজন্মই বিশ্ব নাগৰিক হিচাপে নিজকে গঢ়ি তুলিব লাগিব। জাতি, ধর্ম, ভাষা আৰু ৰাষ্ট্ৰীয় পৰিচয়ৰ সীমাবদ্ধতাৰ ঊর্ধ্বলৈ গৈ মানৱতাৰ
স্বাৰ্থত কাম কৰাৰ মানসিকতা গঢ়ি তোলাটো আজিৰ সময়ৰ একান্ত প্রয়োজন বুলিও তেওঁ মত প্রকাশ কৰে। যুৱসমাজৰ চিন্তা, উদ্ভাবনী শক্তি আৰু সক্রিয় অংশগ্রহণে ৰাষ্ট্ৰসংঘৰ লক্ষ্যসমূহ বাস্তবায়িত কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব পাৰে বুলি তেওঁ আশা প্রকাশ কৰে। কানৈ মহাবিদ্যালয়ৰ বিদেশী ভাষা অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক তথা দর্শন বিভাগৰ অধ্যাপিকা ড° মৌচুমী হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্রদান কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই কয় যে ৰাষ্ট্ৰসংঘ কেৱল এখন আন্তঃৰাষ্ট্ৰীয় সংস্থা নহয়, ই হৈছে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত ঐক্য, সহযোগিতা আৰু পাৰস্পৰিক বুজাবুজি প্রতিষ্ঠাৰ এক শক্তিশালী মঞ্চ। তেওঁ লগতে কয় যে শিক্ষানুষ্ঠানসমূহে ছাত্র-ছাত্রীৰ মাজত বিশ্বজনীন দৃষ্টিভংগী, মানবীয় মূল্যবোধ, সহিষ্ণুতা আৰু শান্তিৰ সংস্কৃতি গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিব লাগে। এনে অনুষ্ঠানৰ জৰিয়তে ছাত্র-ছাত্রীসকলে বিশ্বৰ বিভিন্ন সমস্যা আৰু সেইবোৰ সমাধানৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ ভূমিকা সম্পর্কে জ্ঞান আহৰণৰ সুযোগ লাভ কৰে বুলিও তেওঁ মন্তব্য কৰে। ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড° নির্মালী
পেণ্ডরে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ১০ আসাম বেটেলিয়ন এন চি চিৰ কামাণ্ডিং অফিচাৰ কৰ্ণেল শেইখ আহমেদে তেওঁৰ বক্তব্যত বিশ্বশান্তি আৰু সামাজিক সম্প্রীতি প্রতিষ্ঠাৰ ক্ষেত্ৰত শৃংখলাবোধ, দায়িত্বশীলতা আৰু মানবীয় মূল্যবোধৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ মূল আদর্শ হৈছে যুদ্ধ আৰু সংঘাতৰ পৰিৱৰ্তে আলোচনা, সহযোগিতা আৰু পাৰস্পৰিক সন্মানৰ মাধ্যমেৰে বিশ্বত শান্তি প্রতিষ্ঠা কৰা। যুৱ প্রজন্মই শৃংখলাবদ্ধ, দায়িত্বশীল আৰু মানৱদৰদী নাগৰিক হিচাপে নিজকে গঢ়ি তুলি এখন উন্নত আৰু শান্তিপূর্ণ সমাজ নির্মাণত আগভাগ ল’ব লাগিব বুলিও তেওঁ উল্লেখ কৰে। উল্লেখ্য যে অনুষ্ঠাটিত অনলাইন মাধ্যমত উপস্থিত থাকি ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰৰ কাৰ্যকৰী সঞ্চালক ড০ অশ্বিনী শর্মাই শুভেচ্ছামূলক বক্তব্য প্রদান কৰে। গাম্ভীর্যপূর্ণ অনুষ্ঠানটিত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড’ পার্থ গাংগুলী, শৈক্ষিক পৰিষদৰ সদস্য সচিব ডা জ্যোতি প্রসাদ ফুকন, ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰ ডিব্ৰুগড় শাখাৰ সমন্বয়ক নিতু সিঙৰ লগতে ভালেসংখ্যক অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে। শেষত শলাগ জ্ঞাপন কৰে কানৈ মহাবিদ্যালয়ৰ বিদেশী ভাষা অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক তথা প্রাণী বিজ্ঞান বিভাগৰ অধ্যাপিকা পলী সৰকাৰে। উল্লেখ্য যে আজি ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূব সম্পদ কেন্দ্র ডিব্ৰুগড় শাখাৰ এটি কার্যালয় কানৈ মহাবিদ্যালয়ত মুকলি কৰে তৰু বাহালে।