...

ডিব্ৰুগড় জিলা গ্ৰাহক সুৰক্ষা আয়োগৰ কৰ্মচাৰী প্ৰভাত বৰগোহাঁইৰ অৱসৰ-সম্বৰ্ধনা

ডিব্ৰুগড় জিলা গ্ৰাহক সুৰক্ষা আয়োগৰ কৰ্মচাৰী প্ৰভাত বৰগোহাঁইৰ অৱসৰ-সম্বৰ্ধনা

চাইন অন ডেস্ক,৩০ অক্টোবৰ:

ডিব্ৰুগড় জিলা গ্ৰাহক সুৰক্ষা আয়োগৰ কৰ্মচাৰী প্ৰভাত বৰগোহাঁই সুদীৰ্ঘ দিন চাকৰি কৰাৰ অন্তত আজি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।১৯৯১ চনৰ ১০ জানুৱাৰীত ষ্টেনোগ্ৰাফাৰ হিচাপে জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰিকল্পনা বিভাগত কৰ্মজীৱনৰ পাতনি মেলা গোঁহাইয়ে পৰৱৰ্তী কালত ১৯৯৮ চনৰ পৰা ২০০৩ চনলৈ জিলা উপায়ুক্ত বাসভৱনত থকা কাৰ্যালয়ত কাৰ্য্যনিৰ্বাহ কৰে। ২০২২ চনত তেখেতে ডিব্ৰুগড় জিলা গ্ৰাহক সুৰক্ষা আয়োগত যোগদান কৰি সেই কাৰ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰে। চাকৰি জীৱনত সততা আৰু নিষ্ঠাৰে দায়িত্ব পালন কৰা প্ৰভাত বৰগোহাঁই এগৰাকী অতি নম্ৰ আৰু ভদ্ৰলোক হিচাপে সকলোৰে মাজত পৰিচিত। আজিৰ অনুষ্ঠানত তেখেতক শৰাই, ফুলাম গামোচা আৰু এখন সম্বৰ্ধনা পত্ৰৰ লগতে বিভিন্ন জনে উপহাৰ দিয়ে। বিদায়ী অনুষ্ঠানত উপস্থিত থাকে বিদেশী ন্যায়াধীকৰণৰ ন্যায়াধীশ অমৰজিৎ হাতীকাকতী, দিগন্ত শইকীয়া ((সদস্য ), কৃতাঞ্জলী কলিতা (সদস্য), দলা ৰয় (সদস্য), নাচিমুল গণি মুখ্য সহায়কসহ বিদেশী ন্যায়ধীকৰণ আৰু গ্ৰাহক সুৰক্ষা আয়োগৰ কাৰ্য্যালয়ৰ প্ৰায় ৩০ গৰাকী কৰ্মচাৰী অনুষ্ঠানত উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *